ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ

ৰে’ল অৱৰোধ কৰিবলৈ গৈ আৰক্ষীৰ সৈতে হতাহতি কোচ-ৰাজবংশী সংগঠনৰ
Published on

সদৌ কোচ ৰাজবংশী সন্মিলনী আৰু সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত কোচ ৰাজবংশীক জনজাতিকৰনৰ দাবীত সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে কোকৰাঝাৰ জিলাৰ চৌটাৰা ৰেল ষ্টেচনত ৰেল অৱৰোধ কৰি পৰিবেশ উত্তাল কৰি তোলে। উজনিমুৱা কামাখ্যা ইণ্টাৰচিটী এক্সপ্ৰেছ আৰু নামনিমুৱা বি জি যাত্ৰীবাহী ৰে’ল বাতিল কৰিব লগীয়া হয়।প্ৰতিবাদৰ ফলত যশৱন্তপুৰ এক্সপ্ৰেছ নিউ কোচবিহাৰ ষ্টেচনত আৰু কোকৰাঝাৰ ষ্টেচনত আৱদ্ধ এখন মালবাহী ৰে’ল আৱদ্ধ হৈ থাকিব লগীয়া হয়।পুৱা ৬ বজাৰ আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্য্যসুচীত কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিং উপস্থিত হৈ ৰেল অৱৰোধ বন্ধ কৰিবলৈ কয় যদিও প্ৰতিবাদকাৰীয়ে আৰক্ষীলৈ লক্ষ্য কৰি শিল দলিওৱাৰ ফলত আৰক্ষীয়ে লাঠি চালনা কৰাত বহুত লোক আঘাতপ্ৰাপ্ত হয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com