ৰয়েল এনফ্লিড উদ্ধাৰ,এজনক গ্ৰেপ্তাৰ

ৰয়েল এনফ্লিড উদ্ধাৰ,এজনক গ্ৰেপ্তাৰ

যোৱা সোমবাৰে যোৰাবাট আৰক্ষীয়ে ধৰা পেলোৱা দুজনকৈ বাইক চোৰৰ এজনক যোৰবাটৰ পৰা আটক কৰে লগতে চুৰি হোৱা এছ ০১ডিকে ৯৭২০ নম্বৰত পঞ্জীয়ণ ৰ'য়েল এনফ্লিড বাইকো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।আৰক্ষীৰ তথ্যানুসৰিএই বিলাসী মটৰচাইকেল খন মহানগৰীৰ পৰা চোৰ হৈছিল। চোৰ হোৱা মটৰচাইকেল খন আটক হোৱা চোৰ দুজনে নগালেণ্ডত লুকুৱাই ৰাখিছিল।আৰক্ষীয়ে দেখা পোৱাৰ লগে লগে ধৃত চোৰ দুজনে আৰক্ষী হাতৰ পৰা পলাবলৈ চেষ্টা কৰে যদিও তাৰে এজনক আটক কৰিবলৈ সক্ষম হয়।আটক কৰা চোৰ জন নাগাকু চোম্বা বুলি জানিব পৰা গৈছে।ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ঘটনা পঞ্জীয়ণ কৰিছে লগতে আন জন অপৰাধীক আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com