Begin typing your search above and press return to search.

মৌলানা খাইৰুলৰ জানাজাত ১০ সহস্ৰাধিকৰ ভিৰঃ নগাঁৱৰ তিনিখন গাঁৱত সম্পূৰ্ণ তলাবন্ধ

আশ্বৰ্যজনক যে গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশনা উলংঘা কৰি হেজাৰ হেজাৰ লোকে মৌলানা খাইৰুলৰ জানাজাত অংশগ্ৰহণ কৰে।

মৌলানা খাইৰুলৰ জানাজাত ১০ সহস্ৰাধিকৰ ভিৰঃ নগাঁৱৰ তিনিখন গাঁৱত সম্পূৰ্ণ তলাবন্ধ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 July 2020 8:01 AM GMT

ক'ৱিড-১৯ প্ৰতিৰোধৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে জলাঞ্জলী দি যোৱা বৃহস্পতিবাৰে মৌলানা খাইৰুল ইছলাম মুফটীৰ জানাজাত হেজাৰ হেজাৰ লোকে ভিৰ কৰে। ফলত অতি সংক্ৰামক ক'ৰ'না ভাইৰাছে পৰিস্থিতি ভয়াবহ কৰি তোলাৰ আশংকা প্ৰকট কৰি তুলিছে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাখনৰ তিনিখন গাঁৱত সম্পূৰ্ণ তলাবন্ধ আৰোপ কৰিছে। উল্লেখ্য যে ১০ হেজাৰৰো অধিক লোকে মৌলানা খাইৰুলৰ জানাজাত অংশ লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰোপ কৰা ক'ৱিড-১৯ প্ৰতিৰোধৰ নীতি-নিয়ম সম্পূৰ্ণৰূপে উলংঘা কৰে। কাৰণ শেষকৃত্যত সৰ্বাধিক ২০জন লোকেহে অংশগ্ৰহণ কৰিব পাৰিব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে নিৰ্দেশ জাৰি কৰি থৈছে।

আশ্বৰ্যজনক যে গৃহ মন্ত্ৰালয়ৰ এই নিৰ্দেশনা উলংঘা কৰি হেজাৰ হেজাৰ লোকে মৌলানা খাইৰুলৰ জানাজাত অংশগ্ৰহণ কৰে।এইসকলৰ বহুতে মাস্কো পৰিধান কৰা নাছিল। প্ৰয়াত মৌলানাজন হৈছে সৰ্বভাৰতীয় জমিয়ত উলামাৰ উপ-সভাপতি তথা আমিৰ-ই-শ্বৰিয়তৰ উপ-সভাপতি আছিল। তদুপৰি তেওঁ এ আই ইউ ডি এফৰ ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামৰ পিতৃ আছিল।

আৰু পঢ়িব পাৰেঃ গুৱাহাটীত আৰু এক তলাবন্ধৰ সম্ভাৱনা ব্যক্ত কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে

Next Story
চাকৰি