গুৱাহাটীত জব্দ ১০১ কেজি গাঞ্জা, আটক দুজন

গুৱাহাটীত জব্দ ১০১ কেজি গাঞ্জা, আটক দুজন

ত্ৰিপুৰাৰ পৰা অহা এখন ট্ৰাকত এই গাঞ্জা উত্তৰ ভাৰত অভিমুখে লৈ গৈ আছিল বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে
Published on

গুৱাহাটীঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে যোৰাবাট অঞ্চলত ১০১ কেজি গাঞ্জা জব্দ কৰে। যোৱা ২০ জানুৱাৰী, শনিবাৰে এখন ট্ৰাকৰ ভিতৰৰ পৰা এই গাঞ্জা জব্দ কৰা হৈছে। এই গোচৰ সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে দুজন লোকক। পূৰ্বৰ তথ্যৰ ভিত্তিত যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হয়। দলটোৱে আটক কৰে হিমাচল প্ৰদেশৰ পঞ্জীয়ন নম্বৰ থকা ড্ৰাগছ কঢ়িওৱা বাহনখন।বিষয়াগৰাকীয়ে ত্ৰিপুৰাৰ পৰা ট্ৰাকখন উত্তৰ ভাৰত অভিমুখে গৈ আছিল বুলি জানিবলৈ দিয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য অনুসৰি জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলিও তেওঁ লগতে কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com