Begin typing your search above and press return to search.

বালিজানৰ পৰা চোৰাংকৈ চালান দিয়া ১২টা গাহৰি ডিমাপুৰত জব্দ

৪ টা গাহৰি আৰক্ষীয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিত্সা বিভাগলৈ প্ৰেৰণ কৰে।

বালিজানৰ পৰা চোৰাংকৈ চালান দিয়া ১২টা গাহৰি ডিমাপুৰত জব্দ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 July 2020 6:50 AM GMT

ক'ৰ'না মহামাৰীৰ বিভীষিকাৰ মাজতে ৰাজ্যত সক্ৰিয় হৈ আছে কেতবোৰ চোৰাং কাৰবাৰী চক্ৰ। ইয়াৰ আভাস সম্প্ৰতি স্পষ্ট হৈছে। শোণিতপুৰ জিলাৰ বালিজানৰ পৰা অসাধু চক্ৰই চোৰাংকৈ চালান দিয়া ১২টা গাহৰি নগালেণ্ডৰ ডিমাপুৰত আৰক্ষীয়ে জব্দ কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি ডিমাপুৰ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত অসাধু চক্ৰৰ জিম্মাৰ পৰা ১২ টা গাহৰি জব্দ কৰে।ইয়াৰে ৮ টা গাহৰি মৃত অৱস্থাত জব্দ কৰে। জীৱিত থকা ৪ টা গাহৰি আৰক্ষীয়ে ৰাজ্যিক পশুপালন আৰু পশু চিকিত্সা বিভাগলৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে অসমত আফ্ৰিকান চোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাবৰ পৰিপ্ৰেক্ষিতত আন ৰাজ্যৰ পৰা গাহৰি আমদানিত নগালেণ্ড চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰি থৈছে। সম্প্ৰতি অসমৰ পৰা নিয়া এই গাহৰিকেইটা সন্দৰ্ভত ৰাজ্যখনৰ পশুপালন বিভাগৰ আৰ খিঙে সাংবাদিকক কয় যে জীৱিত অৱস্থাত থকা গাহৰি ৮ টাৰ নমুনা সংগ্ৰহ কৰা হ'ব। এই নমুনা আফ্ৰিকান ছোৱাইন ফ্লু আৰু সাধাৰণ ছোৱাইন ফ্লুৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হ'ব।

আৰু পঢ়িব পাৰেঃ অসমত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ২১,৮৬৪লৈ বৃদ্ধি

Next Story
চাকৰি