অসমত ৫ বছৰত ১২১ টা হাতীৰ অস্বাভাৱিক মৃত্যু

২০১৭-১৮ চনৰ পৰা ২০২১-২২ চনলৈ অসমত ১২১ টা হাতী অস্বাভাৱিকভাৱে মৃত্যু হোৱাৰ বিপৰীতে দেশত মৃত্য ৪৯৪ টা হাতী
অসমত ৫ বছৰত ১২১ টা হাতীৰ অস্বাভাৱিক মৃত্যু

ষ্টাফ ৰিপ'ৰ্টাৰ গুৱাহাটীঃ অসমত ২০১৭-১৮ চনৰ পৰা ২০২১-২২ চনলৈ অস্বাভাৱিকভাৱে ১২১টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে দেশত ৪৯৪টা হাতীৰ মৃত্যু হয়। এইদৰে ভাৰতত বিগত পাঁচ বছৰত হাতীৰ মৃত্যুৰ ২৪.৪৯ শতাংশ অসমত সংঘটিত হৈছে। বিগত পাঁচ বছৰত ৰাজ্যত ২৭টা হাতী ৰে'ল দুৰ্ঘটনাত মৃত্যু হোৱাৰ বিপৰীতে দেশত ৮০টাৰ মৃত্যু হৈছে। এই সময়ছোৱাত বিদ্যুৎস্পৃষ্ট হৈ ৰাজ্যত ৬৯টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে দেশত ৩৪৮টাৰ মৃত্যু হয়। দেশত ৪১টা হাতীক হত্যা কৰাৰ বিপৰীতে ৰাজ্যত চোৰাংচিকাৰীয়ে চাৰিটা হাতী হত্যা কৰে। ৰাজ্যত ২১টা হাতীক বিষাক্ত দ্ৰব্যৰে হত্যা কৰাৰ বিপৰীতে দেশত ২৫টা হাতী।ৰাজ্যখনত ২০১৭-১৮ চনত বিগত পাঁচ বছৰত ৰে'ল দুৰ্ঘটনাত দহটা, ২০১৮-১৯ চনত দুটা, ২০১৯-২০ চনত দুটা, ২০২০-২১ চনত ৫টা আৰু ২০২১-২২ চনত ৮টা হাতী ৰে'ল দুৰ্ঘটনাত মৃত্যু হয়। ৬৯টা গঁড়ৰ ভিতৰত ২০১৭-১৮ত ২৪টা, ২০১৮-১৯ চনত ৯টা, ২০১৯-২০ত ১১টা, ২০২০-২১ চনত ১৩টা আৰু ২০২১-২২ চনত ১২টা হাতী বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুমুখত পৰে। ২০১৭-১৮ চনত ৰাজ্যত চোৰাংচিকাৰীয়ে হত্যা কৰিছিল চাৰিটা হাতী।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com