Begin typing your search above and press return to search.

মৰিয়নিৰ দেৱাশীষ গগৈ হত্যাঃ আৰু দুজনক গ্ৰেপ্তাৰ

সম্প্ৰতি আৰক্ষীয়ে আৰু দুজনক গ্ৰেপ্তাৰ কৰাত জালত পৰা অভিযুক্তৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছে।

মৰিয়নিৰ দেৱাশীষ গগৈ হত্যাঃ আৰু দুজনক গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  13 Jun 2020 7:30 AM GMT


কিছুদিন পূৰ্বে যোৰহাট জিলাৰ মৰিয়নিত সংঘটিত দেৱাশীষ গগৈ নামৰ যুৱকজনৰ নৃশংস হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে আৰু দুজন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বে আৰক্ষীয়ে ঘটনা সংক্ৰান্তত ১৪জন লোকক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি আৰক্ষীয়ে আৰু দুজনক গ্ৰেপ্তাৰ কৰাত জালত পৰা অভিযুক্তৰ সংখ্যা ১৬জনলৈ বৃদ্ধি পাইছে। উল্লেখ্য যে যোৱা ২৯ মে'ত মৰিয়নিৰ পৰ্বতপুৰ বাগিচাত একাংশ লোকে দেৱাশীষক মৰিয়াই হত্যা কৰে। ঘটনাৰ পাঁচদিনৰ ভিতৰত আৰক্ষীয়ে ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। যোৱা সপ্তাহত আৰক্ষীয়ে আৰু ৬জন অভিযুক্তক গ্ৰেপ্তাৰ কৰে।ঘটনাৰ দিনা দেৱাশীয়ে আদিত্য দাস নামৰ তেওঁৰ এজন বন্ধুৰ সৈতে এখন দুচকীয়া বাহনেৰে পৰ্বতপুৰ পাহাৰত পৰ্যটন ক্ষেত্ৰৰ সন্ধানত গৈছিল। তাৰ পৰা দুয়ো উভতি অহাৰ সময়ত তেওঁলোকৰ দুচকীয়া বাহনখন পথৰ পৰা নামি যায়। ইয়াৰ লগে লগে ঘটনাস্থলীত পৰ্বতপুৰ বাগিচাৰ বহু কৰ্মচাৰী গোট খাই যুৱক দুজনক বৰ্বৰতাৰে আক্ৰমণ কৰে। উন্মত্ত লোকসকলৰ আক্ৰমণত দেৱাশীষৰ মৃত্যু হয়।

আৰু পঢ়িব পাৰেঃ ঋতুপৰ্ণ পেগুৰ বৰ্বৰ হত্যাৰ বিৰুদ্ধে গুৱাহাটীৰ নুনমাটিত তীব্ৰ প্ৰতিবাদ

Next Story
চাকৰি