Begin typing your search above and press return to search.
কাজিৰঙাত সংসাৰী বানত ডুবি দুটা গঁড়ৰ মৃত্যু
উদ্যানখনৰ মুঠ ২৩৩টা বন শিবিৰৰ ১৫২টা পানীত বুৰ গৈছে।

সংহাৰী বানৰ কবলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বাঢ়নী পানীত ডুবি দুটা গঁড় মৃত্যুমুখত পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি মঙলবাৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ তিনি মুখুনী নলা আৰু মিকিৰজান টংগী অঞ্চলত দুটা মৃত গঁড় উদ্ধাৰ হয়। বানৰ পানীত ডুব যোৱাৰ ফলত গঁড় দুটাৰ মৃত্যু হয় বুলি চৰকাৰী তথ্যত প্ৰকাশ।উল্লেখ্য যে সাম্প্ৰতিক বানত কাজিৰঙাত এতিয়ালৈকে তিনিটা গঁড়ৰ মৃত্যু হৈছে।যোৱা ২৬ জুনতো ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা গঁড় মৃত অৱস্থাত উদ্ধাৰ হয়। আনহাতে, সাম্প্ৰতিক বানত উদ্যানখনৰ ৬৬টা বন্যপ্ৰাণী মৃত্যুমুখত পৰিছে। এইবাৰৰ বানত উদ্যানখনৰ প্ৰায় ৯০শতাংশ অংশ বুৰ গৈছে।উদ্যানখনৰ মুঠ ২৩৩টা বন শিবিৰৰ ১৫২টা পানীত বুৰ গৈছে।ইয়াৰে ১৪টা সম্পূৰ্ণৰূপে খালী কৰা হৈছে।
Next Story