Begin typing your search above and press return to search.
২.৬ প্ৰাবল্যৰ ভূমিকম্পই জোঁকাৰিলে কোকৰাঝাৰক
আজি পুৱা গুজৰাটৰ ৰাজকোট নগৰকো ৪.৫ প্ৰাবল্যৰ এটা ভূমিকম্পই জোঁকাৰি যায়

এটা মৃদু প্ৰাবল্যৰ ভূমিকম্পই আজি বৃহস্পতিবাৰে কোকৰাঝাৰ জিলাক জোঁকাৰি যায়। চৰকাৰী তথ্য অনুসৰি ভূমিকম্পটোৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ২.৬আছিল। ইয়াৰ জোঁকাৰণি আজি দিনৰ ১ বাজি ৯ মিনিট ৩০ছেকেণ্ডত অনুভূত হয়। সৌভাগ্যবশতঃ ভূমিকম্পটোৰ জোঁকাৰণিত কোনো ক্ষয়-ক্ষতি নহ'ল। আনহাতে, আজি পুৱা গুজৰাটৰ ৰাজকোট নগৰকো ৪.৫ প্ৰাবল্যৰ এটা ভূমিকম্পই জোঁকাৰি যায়।
আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ গুৱাহাটী কাৰাগাৰৰ পৰিস্থিতি বুজ ল'লে স্বাস্থ্য মন্ত্ৰীয়ে
Next Story