ক'ৰ'নাত আক্ৰান্ত হোৱা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ বন্দীৰ সংখ্যা ৫৬ জনলৈ বৃদ্ধি পাইছে। প্ৰাপ্ত তথ্য অনুসৰি ৰেপিড এণ্টিজেন পদ্ধতিৰে আজি কাৰাগাৰখনৰ ৪০ বন্দীৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। ইয়াৰে ২৮জনৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। ফলত ক'ৰ'নাত আক্ৰান্ত হোৱা কাৰাগাৰখনৰ বন্দীৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি পাইছে। ইয়াকে লৈ উদ্বিগ্নতাৰ সৃষ্টি হৈছে। উল্লেখ্য যে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দী অৱস্থাত কৃষক মুক্তিৰ নেতা অখিল গগৈসহ একাংশ ৰাজনৈতিক বন্দী ক'ৰ'নাত আক্ৰান্ত হয়।
ক'ৰ'নাত আক্ৰান্ত হ'ল তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ আৰু ২৮ জন বন্দী
ফলত ক’ৰ’নাত আক্ৰান্ত হোৱা কাৰাগাৰখনৰ বন্দীৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি পাইছে।

Next Story