Begin typing your search above and press return to search.

ওৰাঙত হৰিণাৰ মাংস বিক্ৰী কৰি থকা অৱস্থাত তিনিজন গ্ৰেপ্তাৰ

ধৃত লোককেইজন মৰিগাঁও জিলাৰ তালেব আলী, ছাইদুল ইছলাম আৰু আব্দুল হুছেইন বুলি বনকৰ্মীয়ে জানিবলৈ দিছে।

ওৰাঙত হৰিণাৰ মাংস বিক্ৰী কৰি থকা অৱস্থাত তিনিজন গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Aug 2020 8:27 AM GMT

ক'ৰ'না মহামাৰীৰ বিভীষিকা তথা ৰাজ্যত বান দুৰ্যোগৰ সময়তে অসহায় হৰিণা বধ কৰি মাংস বিক্ৰী কৰি থকা অৱস্থাত ওৰাঙত গ্ৰেপ্তাৰ হৈছে তিনিজন লোক। প্ৰাপ্ত তথ্য অনুসৰি বনকৰ্মীয়ে যোৱা নিশা হৰিণাৰ মাংস বিক্ৰী কৰি থকা অৱস্থাত তিনিজন চোৰাংচিকাৰীক হাতে-লোটে ধৰা পেলাই গ্ৰেপ্তাৰ কৰে। ধৃত লোককেইজন মৰিগাঁও জিলাৰ তালেব আলী, ছাইদুল ইছলাম আৰু আব্দুল হুছেইন বুলি বনকৰ্মীয়ে জানিবলৈ দিছে।

বানৰ প্ৰকোপৰ পৰা ৰক্ষা পাবলৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা দুটা শৰ পহু বধ কৰি চোৰাংচিকাৰীকেইজনে মাংস বিক্ৰী কৰে বুলি বনকৰ্মীৰ সূত্ৰই প্ৰকাশ কৰিছে। বনকৰ্মীয়ে ধৃত চোৰাংচিকাৰীকেইজনৰ পৰা ৮০কিলোগ্ৰাম হৰিণাৰ মাংস উদ্ধাৰ কৰে।

আৰু পঢ়িব পাৰেঃ অখিল গগৈৰ জামিন আবেদন খাৰিজ এন আই এ আদালতৰ

Next Story
চাকৰি