Begin typing your search above and press return to search.

ক'ৰ'নাত আক্ৰান্ত হ'ল তেজপুৰৰ মিছামাৰীৰ সেনা শিবিৰৰ ৩৪ জোৱান

জোৱানকেইজন ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে ওচৰ-পাঁজৰৰো অঞ্চলৰ লোকৰ মাজতো আতংকৰ সৃষ্টি হৈছে।

কৰনাত আক্ৰান্ত হল তেজপুৰৰ মিছামাৰীৰ সেনা শিবিৰৰ ৩৪ জোৱান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Jun 2020 12:46 PM GMT

শোণিতপুৰ জিলাৰ মিছামাৰীস্থিত সেনা শিবিৰতো চিনাক্ত হৈছে ক'ৰ'না মহামাৰীত আক্ৰান্ত। শেহতীয়াকৈ প্ৰাপ্ত তথ্য অনুসৰি এই সেনা শিবিৰৰ ৩৪জন জোৱানৰ শৰীৰত অতি সংক্ৰামক ক'ৰ'না ভাইৰাছ ধৰা পৰিছে। দেশৰে অন্যতম বৃহত্ এই সেনা শিবিৰৰ জোৱানকেইজন ক'ৰ'না পজিটিভ চিনাক্ত হোৱাৰ লগে লগে ওচৰ-পাঁজৰৰো অঞ্চলৰ লোকৰ মাজতো আতংকৰ সৃষ্টি হৈছে। কাৰণ স্থানীয় বহু লোকে বিভিন্ন কামত এই সেনা শিবিৰলৈ অহা-যোৱা কৰে।

ইপিনে, ৰাজ্যত ক'ৰ'না আক্ৰান্তৰ মুঠ সংখ্যাই পাঁচ হেজাৰৰ ঘৰক অতিক্ৰম কৰিছে। তদুপৰি নজন লোকৰ এই মহামাৰীত মৃত্যুও হৈছে। অৱশ্যে বৰ্তমানলৈকে ৰাজ্যত এক্টিভ ক'ৰ'না আক্ৰান্তৰ

সংখ্যা ১,৯২৮জনহে।

আৰু পঢ়িব পাৰেঃ খানাপাৰাত নিৰ্মাণৰত নতুন কোৱাৰেণ্টিন কেন্দ্ৰত দ্যা ছেণ্টিনেল ডিজিটেলৰ এভুমুকি

Next Story