শোণিতপুৰ আৰক্ষীৰ অভিযানত ট্ৰাকৰ পৰা উদ্ধাৰ ৩৬টা গৰু

শোণিতপুৰ জিলাৰ তেজপুৰ থানাৰ অন্তৰ্গত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিয়ালি আৰু মিছন চাৰিআলিৰ সমীপত এক অভিযানত ৩৬টা গৰু উদ্ধাৰ কৰা হয়
শোণিতপুৰ আৰক্ষীৰ অভিযানত  ট্ৰাকৰ পৰা উদ্ধাৰ ৩৬টা গৰু
Published on

তেজপুৰঃ শোণিতপুৰ জিলাৰ তেজপুৰ থানাৰ অন্তৰ্গত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিয়ালি আৰু মিছন চাৰিআলিৰ সমীপত শোণিতপুৰ আৰক্ষীয়ে এক অভিযানত এখন ট্ৰাকৰ পৰা ৩৬টা গৰু উদ্ধাৰ কৰে। সমগ্ৰ অভিযানটো আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ তত্বাৱধানত সংঘটিত হয়। দ্য চেণ্টিনেলৰ সৈতে হোৱা কথা-বতৰাত অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰীমা দাসে কয় যে এ এছ ০১/চি চি ৯৩৬৭ নম্বৰৰ পঞ্জীয়ন নম্বৰ থকা এখন ট্ৰাকৰ পৰা ২০টামান গৰু উদ্ধাৰ কৰা হৈছে।তেজপুৰ যান-বাহন শাখাৰ দ্বাৰা অভিযানৰ সময়ত ২০টা গৰু উদ্ধাৰ কৰা হৈছে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ চালকজনে পলায়ন কৰিবলৈ সক্ষম হয়। নিৰাপত্তা আৰু আশ্ৰয়ৰ বাবে তৃণায়ণ গোশালা চাৰিদুৱাৰলৈ প্ৰেৰণ কৰা হয় গৰুকেইটা। ২০টা গৰুৰ ভিতৰত এটা মৃত অৱস্থাত উদ্ধাৰ হৈছে বুলি মাধুৰিমাই লগতে কয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com