Begin typing your search above and press return to search.

ধনদাবীৰ অভিযোগঃ ডিব্ৰুগড়ত ছজন ছাত্ৰনেতা গ্ৰেপ্তাৰ

যোৱা ১২ আগষ্টত এই ছাত্ৰ নেতাকেইজনে হাস্পতালখনত প্ৰৱেশ কৰি দুগৰাকী নাৰ্ছক অশোভনীয় আচৰণ কৰে।

ধনদাবীৰ অভিযোগঃ ডিব্ৰুগড়ত ছজন ছাত্ৰনেতা গ্ৰেপ্তাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  17 Aug 2020 10:21 AM GMT

ধনদাবীৰে লুণ্ঠন চলোৱাৰ অভিযোগত ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হৈছে ছজনকৈ ছাত্ৰ নেতা। প্ৰাপ্ত তথ্য অনুসৰি একাধিক ছাত্ৰ সংগঠনৰ এই নেতাকেইজনে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতালক ধনদাবী কৰিছিল। পাছত হাস্পতাল কৰ্তৃপক্ষই এই বিষয়ে আৰক্ষীক অৱগত কৰে। এই অভিযোগৰ ভিত্তিত আৰক্ষীয়ে ছাত্ৰ নেতাকেইজনক গ্ৰেপ্তাৰ কৰে।ধৃত ছাত্ৰ নেতাকেইজন হৈছে বীৰ লাচিত সেনাৰ ডিব্ৰুগড় গোটৰ সভাপতি জুবিন মেচ, সন্মিলিত যুৱ শক্তি অসমৰ জিলা সম্পাদক দীপক দিহিঙীয়া, বীৰ লাচিত সেনাৰ জিতুল চেতিয়া আৰু কল্যাণ সোনোৱাল আৰু টাই আহোম ছাত্ৰ সন্থাৰ দীজেন দত্ত আৰু সঞ্জীৱ দুৱৰা।

যোৱা ১২ আগষ্টত এই ছাত্ৰ নেতাকেইজনে হাস্পতালখনত প্ৰৱেশ কৰি দুগৰাকী নাৰ্ছক অশোভনীয় আচৰণ কৰে। এই কথা সদৰী কৰি ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই কয় যে ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে আৰক্ষীয়ে ছজনক গ্ৰেপ্তাৰ কৰিছে। ধৃতকেইজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধি আৰু দুৰ্যোগ ব্যৱস্থাপনা আইন,২০০৫-ৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে।

Next Story
চাকৰি