অসমৰ মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰিত বিদেশী বন্দী

অসমৰ মাটিয়া ট্ৰেনজিট কেম্পলৈ স্থানান্তৰিত বিদেশী বন্দী

৬৮জন বিদেশীক সংস্থাপনৰ লগে লগে বন্দীসকলক পৰ্যায়ক্ৰমে স্থানান্তৰিত কৰা হৈছে
Published on

গুৱাহাটী : শুকুৰবাৰে ২৭ জানুৱাৰীত নতুনকৈ নিৰ্মিত ডিটেনচন চেণ্টাৰত প্ৰায় ৬৮ জন বিদেশীক সংস্থাপনৰ সন্দৰ্ভত এক তথ্য প্ৰকাশ কৰে চৰকাৰী জ্যেষ্ঠ বিষয়াই। অসমৰ গোৱালপাৰা জিলাত অৱস্থিত এই কেন্দ্ৰটো এতিয়া আনুষ্ঠানিকভাৱে, ট্ৰেনজিট কেম্প নামেৰে জনাজাত। এই ৬৮ জন বিদেশীক সংস্থাপনৰ লগে লগে বন্দীসকলক পৰ্যায়ক্ৰমে স্থানান্তৰিত কৰাৰ আৰম্ভণি হৈছে। অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত মাটিয়া ট্ৰেনজিট শিবিৰ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com