ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কৰিমগঞ্জৰ সাতটা বজাৰ অঞ্চলত পুনৰ তলাবন্ধ বা ল'ক-ডাউনৰ নিয়ম-বিধি বলবত কৰা হৈছে। জিলা প্ৰশাসনে ঘোষণা কৰা অনুসৰি ফকিৰবজাৰ, নিলাম বজাৰ, আছমিগঞ্জ. ভাংগাবজাৰ, পাথাৰকান্দি আৰু অনিপুৰাতক তলাবন্ধৰ নীতি-নিয়মৰ কবললৈ অনা হৈছে।পৌৰ অঞ্চলৰ উপৰি এই বজাৰ অঞ্চলসমূহতো তক-ডাউনৰ বিধি বলবত কৰা হৈছে। ধেমাজিৰ গোগামুখতো অনুৰূপ ব্যৱস্থা গ্ৰহণ কৰিছে সংশ্লিষ্ট জিলা প্ৰশাসনে। কাৰণ গোগামুখতো ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।
ক'ৰ'না মহামাৰীঃ কৰিমগঞ্জৰ সাত বজাৰ অঞ্চলত তলাবন্ধ আৰোপ
পৌৰ অঞ্চলৰ উপৰি এই বজাৰ অঞ্চলসমূহতো তক-ডাউনৰ বিধি বলবত কৰা হৈছে।

Next Story