Begin typing your search above and press return to search.

ধেমাজিত বিয়া খাবলৈ যাওঁতে গাড়ীসহ নৈত পৰিল এটা পৰিয়াল

লখিমপুৰৰ পৰা ব্যক্তিগত বাহনেৰে চিলাপথাৰলৈ গৈছিল লখিমপুৰৰ টংকেশ্বৰ কলিতা আৰু তেওঁৰ পৰিয়াল

ধেমাজিত বিয়া খাবলৈ যাওঁতে গাড়ীসহ নৈত পৰিল এটা পৰিয়াল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 July 2020 2:10 PM GMT

বিয়া খাবলৈ যাওঁতে বৃহস্পতিবাৰে ধেমাজিৰ চিচিবৰগাঁৱত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হ'ল এটা পৰিয়াল। চিচিবৰগাঁৱৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি নৈত পৰি যায় পৰিয়ালটোৰ গাড়ীখন। প্ৰাপ্ত তথ্য অনুসৰি কোনো বিবাহ অনুষ্ঠানত ভাগ ল'বলৈ লখিমপুৰৰ পৰা ব্যক্তিগত বাহনেৰে চিলাপথাৰলৈ গৈছিল লখিমপুৰৰ টংকেশ্বৰ কলিতা আৰু তেওঁৰ পৰিয়াল। কিন্তু দুৰ্ভাগ্যবশতঃ চিচিবৰগাঁৱৰ গেলুৱা দলঙৰ ৰেলিং ভাঙি নদীত পৰি যায় তেওঁলোকৰ গাড়ীখন। দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে কেইজনমান যুৱকে নদীত জাপ দি কলিতাৰ পত্নী আৰু জ্যেষ্ঠ কন্যা কুকি কলিতাক জীৱন্তে উদ্ধাৰ কৰে। কিছু সময়ৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফৰ দল।

Next Story
চাকৰি