Begin typing your search above and press return to search.

অসম: এইচ.এছ. এল.চি. শিক্ষাৰ্থীসকলৰ বিত্তীয় সাহায্য হেতু হেল্পলাইন নম্বৰ মুকলি এ. আই.ইউ. ডি. এফ.ৰ

এ.আই.ইউ.ডি.এফ. দলে আৰ্থিক সমস্যাথকা শিক্ষাৰ্থীসকলক প্ৰয়োজন হ'লে প্ৰদত্ত মোবাইল নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে।

অসম: এইচ.এছ. এল.চি. শিক্ষাৰ্থীসকলৰ বিত্তীয় সাহায্য হেতু হেল্পলাইন নম্বৰ মুকলি এ. আই.ইউ. ডি. এফ.ৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Jun 2022 9:09 AM GMT

গুৱাহাটীঃ অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্টৰ (এ.আই.ইউ.ডি.এফ.) মুৰব্বী বদৰুদ্দিন আজমলে কয় যে এইচ.এছ.এল.চি. পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত উচ্চ শিক্ষা গ্ৰহণ কৰাৰ বাবে দলটোৱে বিত্তীয় সমস্যা থকা শিক্ষাৰ্থীসকলৰ বাবে সকলো ধৰণৰ সহায়ক ব্যৱস্থা প্ৰদান কৰিব।

বদৰুদ্দিন আজমলে তেওঁৰ টুইটাৰত পোষ্ট কৰিছে, "তদুপৰি٫ যদি এই সফল শিক্ষাৰ্থীসকলৰ মাজৰ যিকোনো এজনে ভাল নম্বৰ লাভ কৰে কিন্তু শিক্ষা অব্যাহত ৰখাত বিত্তীয় সমস্যাৰ সন্মুখীন হয়٫ সেই ব্যক্তিয়ে এই নম্বৰ +৯১৬৯০০০১০০৫২যোগাযোগ কৰিলে সকলো সম্ভৱ সহায় আগবঢ়োৱা হ'ব"।

এ.আই.ইউ.ডি.এফ. দলে আৰ্থিক সমস্যাথকা শিক্ষাৰ্থীসকলক প্ৰয়োজন হ'লে প্ৰদত্ত মোবাইল নম্বৰৰ সৈতে যোগাযোগ কৰিবলৈ কৈছে।

তেওঁ আন এটা টুইটত পোষ্ট কৰে, "এইচ.এছ.এল.চি. পৰীক্ষা ২০২২ ত উত্তীৰ্ণ হোৱা সকলো শিক্ষাৰ্থীক অভিনন্দন। মই আশা কৰোঁ যে তেওঁলোকে তেওঁলোকৰ পৰৱৰ্তী পাঠ্যক্ৰমত অধিক নিখুঁততা আৰু উৎকৰ্ষতাৰে জিলিকি উঠিব আৰু ৰাজ্য আৰু দেশলৈ গৌৰৱ কঢ়িয়াই আনিব۔ মই তেওঁলোকৰ ভৱিষ্যত জীৱনত তেওঁলোকৰ সফলতা আৰু কৃতিত্ব কামনা কৰিছো"।

অসমত এইচ.এছ.এল.চি. পৰীক্ষাত অৱতীৰ্ণ হোৱা ৫০৫৫৮২ শিক্ষাৰ্থী আছিল আৰু ২২৯১৩১1, অৰ্থাৎ ৫৬.৪৯% উত্তীৰ্ণ হৈছে।

উত্তৰ লখিমপুৰৰ ছেইণ্ট মেৰী হাই স্কুলৰ ৰক্তুৎপল শইকিয়াই এই বছৰৰ এইচ.এছ.এল.চি. পৰীক্ষাত ৬০০ ৰ ভিতৰত ৫৯৭ নম্বৰ লাভ কৰি শীৰ্ষস্থান দখল কৰে।

আৰু পঢ়ক: মাত্ৰ ৫ দিনত ৭৫ কিলোমিটাৰ পথ স্থাপন কৰি নতুন গিনিছ বিশ্ব অভিলেখ গঢ়িছে এন.এইচ.এ.আই.য়ে

Next Story
চাকৰি