সাহিত্য একাডেমী বঁটাপ্ৰাপক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান

২০১০ত বড়ো সাহিত্য সভাই তেওঁক দাইনা কবিতা পুথিৰ বাবে সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা প্ৰদান কৰে।
সাহিত্য একাডেমী বঁটাপ্ৰাপক গুণেশ্বৰ মুছাহাৰীৰ দেহাৱসান
Published on

সাহিত্য একাডেমী বঁটাপ্ৰাপক গুণেশ্বৰ মুছাহাৰী আৰু নাই। প্ৰাপ্ত তথ্য অনুসৰি বৃহস্পতিবাৰে নিশা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁওস্থিত বাসভৱনত মুছাহাৰীৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৩বছৰ। উল্লেখ্য যে 'বড়ো খুনটাই' শীৰ্ষক গ্ৰন্থৰ বাবে ২০১২ত মুছাহাৰীয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।ইয়াৰ পূৰ্বে ২০১০ত বড়ো সাহিত্য সভাই তেওঁক দাইনা কবিতা পুথিৰ বাবে সোমেশ্বৰী ব্ৰহ্ম সাহিত্য বঁটা প্ৰদান কৰে। মুছাহাৰী গোসাঁইগাঁও বি এড কলেজৰ প্ৰতিষ্ঠাপক অধ্যক্ষও আছিল।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com