হাজোত বৃদ্ধৰ বিকৃত কামনাৰ বলি নাবালিকাঃ অভিযুক্তক গ্ৰেপ্তাৰ

ইতিমধ্যে আৰক্ষীয়ে নাবালিকাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্তজনক কৰায়ত্ব কৰিছে।
হাজোত বৃদ্ধৰ বিকৃত কামনাৰ বলি নাবালিকাঃ অভিযুক্তক গ্ৰেপ্তাৰ

দেশত শিশুৰ নিৰ্যাতনকাৰীক কঠোৰ শাস্তি বিহাৰ আইন প্ৰণয়ন হোৱাৰ পাছতো এনেধৰণৰ ঘটনা সংঘটিত হৈ আছে। যোৱা দেওবাৰে সন্ধিয়া কামৰূপ জিলাৰ হাজোৰ এক নম্বৰ মনাহকুছিত এজন বৃদ্ধৰ বিকৃত কামনাৰ বলি হয় এগৰাকী নাবালিকা। ইতিমধ্যে আৰক্ষীয়ে নাবালিকাগৰাকীৰ অভিযোগৰ ভিত্তিত অভিযুক্তজনক কৰায়ত্ব কৰিছে। আৰক্ষী সূত্ৰই জনোৱা মতে, এক নম্বৰ মনাহকুছিৰ ৰত্নেশ্বৰ দাসে যোৱা দেওবাৰে সন্ধিয়া ওচৰৰে এঘৰৰ এগৰাকী ১১ বছৰীয়া নাবালিকাৰ ওপৰত বিকৃত কামনা চৰিতাৰ্থ কৰাৰ অপচেষ্টা চলায়। বৃদ্ধজনে দুষ্কাৰ্যটো সংঘটিত কৰাৰ সময়ত ভুক্তভোগীগৰাকীৰ ঘৰত কোনো নাছিল। পাছত তেওঁ পৰিয়ালৰ লোকক সবিশেষ বিবৰি কয়। সেইমৰ্মে তেওঁৰ পৰিয়াল আৰক্ষীৰ দ্বাৰস্থ হয়। হাজো আৰক্ষীয়ে ৩৭৬/৫১১ ধাৰাত এটা গোচৰ ৰুজু কৰি অভিযুক্তজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পূৰ্বেও এই বৃদ্ধজনে এনে দুষ্কাৰ্য সংঘটিত কৰিছে বুলি স্থানীয় একাংশ লোকে অভিযোগ উত্থাপন কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com