অসম গণ পৰিষদে খিলঞ্জীয়াৰ বাবে কাম কৰিব :অতুল বৰা

ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে অগপৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই কয় যে তেওঁৰ দলে অসমৰ খিলঞ্জীয়াৰ হকে কাম কৰি যাব।
অসম গণ পৰিষদে খিলঞ্জীয়াৰ বাবে কাম কৰিব :অতুল বৰা

গুৱাহাটীঃ বুধবাৰে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে অসম গণ পৰিষদৰ সভাপতি তথা কেবিনেট মন্ত্ৰী অতুল বৰাই মন্তব্য কৰে যে তেওঁৰ দলে অসমৰ খিলঞ্জীয়া লোকৰ হকে কাম কৰি যাব। দ্য চেণ্টিনেলৰ সৈতে হোৱা কথা-বতৰাত বৰাই আঙুলিয়াই দিয়ে যে অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা ৰাজ্যৰ খিলঞ্জীয়া লোকক সুৰক্ষা দিয়াৰ লক্ষ্যৰে ছবছৰীয়া অসম আন্দোলনৰ পিছতে অগপৰ জন্ম হৈছিল। সেই হিচাপে দলৰ মূল কেন্দ্ৰবিন্দু আৰু লক্ষ্য অসমৰ খিলঞ্জীয়াৰ কল্যাণ। ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে অগপই ৰাজ্যব্যাপী জনপ্ৰচাৰ কাৰ্যসূচী আৰম্ভ কৰে যিটো পৰৱৰ্তী লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনলৈকে চলি থাকিব।নিজ নিজ বিধানসভা সমষ্টিত অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই দলৰ কাৰ্যকৰ্তাক সম্বোধন কৰি সভা অনুষ্ঠিত কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com