ভালুকপুঙত অনুষ্ঠিত অসম-অৰুণাচল সীমান্ত মহোৎসৱ

শেহতীয়াকৈ শোণিতপুৰ জিলাৰ ভালুকপুঙস্থিত লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়ৰ খেলপথাৰত এখন সীমান্ত মহোৎসৱ অনুষ্ঠিত হয়
ভালুকপুঙত অনুষ্ঠিত অসম-অৰুণাচল সীমান্ত মহোৎসৱ
Published on

সংবাদদাতা তেজপুৰঃ অসমৰ শোণিতপুৰ জিলা আৰু অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাৰ, জিলা প্ৰশাসনৰ যৌথ উদ্যোগতএক সীমান্ত মহোৎসৱ অনুষ্ঠিত হয়। শোণিতপুৰ জিলাৰ ভালুকপুঙস্থিত লাল বাহাদুৰ শাস্ত্ৰী বিদ্যালয়ৰ খেলপথাৰত শেহতীয়াকৈ অনুষ্ঠিত হয় এই সীমান্ত মহোৎসৱ।

দিনজোৰা কাৰ্যসূচীত দুয়োখন ৰাজ্যৰ মাজত কেইবাটাও ক্ৰীড়া অনুষ্ঠান আৰু কেইবাটাও সাংস্কৃতিক অনুষ্ঠান, প্ৰদৰ্শনীৰ অনুষ্ঠিত হয়।তাৰ পিছত মূল সভাখনত উপস্থিত থাকে ৰঙাপাৰাৰ বিধায়ক ,চটিয়াৰ বিধায়ক পদ্ম হাজৰিকা আৰু বিধায়ক থিৰিঞ্জো বুৰাগাঁও কুমছি ছিদিছ'ৱে । কৃষ্ণ কমল তাঁতী, উপায়ুক্ত শোণিতপুৰ, দেবা কুমাৰ মিশ্ৰ, উপায়ুক্ত পশ্চিম কামেং কৰ্ম লেকী, জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া আৰু দুয়োখন জিলাৰ পি আৰ আই প্ৰতিনিধি, লগতে আন বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com