মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন

সমৰ্থকসকলে মাজনিশা তেওঁক শুভেচ্ছা দিয়াত লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু দেশৰ বিভিন্ন বিশিষ্ট ব্যক্তিৰ পৰাও জন্মদিনৰ শুভেচ্ছা লাভ কৰে তেওঁ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি জন্মদিন
Published on

গুৱাহাটী : ১ ফেব্ৰুৱাৰী, বুধবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৫৪ বছৰ সম্পূৰ্ণ হয়। খবৰ অনুসৰি মাজনিশা মুখ্যমন্ত্ৰীৰ বাসগৃহত বিপুল সংখ্যক লোকে তেওঁৰ জন্মদিনৰ শুভেচ্ছা জনাবলৈ সমবেত হয়। হিমন্ত বিশ্ব শৰ্মাই বন্ধু-বান্ধৱী, শুভাকাংক্ষী আৰু অনুগামীৰ সৈতে কেক কাটি জন্মদিন উদযাপন কৰে। উৎসাহী হৈ মুখ্যমন্ত্ৰীৰ সৈতে বহু লোকে ফটো উঠিছিল। ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত অসমৰ যোৰহাট জিলাত জন্মগ্ৰহণ কৰিছিল বিজেপি নেতাগৰাকীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com