ৰাজ্যত হাতী-মানৱৰ সংঘাত ৰোধৰ বাবে বন বিভাগৰ পদক্ষেপ

শেহতীয়াকৈ অসমৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীয়ে জনবসতিপূর্ণ অঞ্চলত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, শস্যৰ ক্ষতিসাধন,বহু লোকৰ মৃত্য ঘটনাক ৰাজ্য চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে।
ৰাজ্যত হাতী-মানৱৰ সংঘাত ৰোধৰ বাবে বন বিভাগৰ পদক্ষেপ
Published on

শেহতীয়াকৈ অসমৰ বিভিন্ন অঞ্চলত বন্যহস্তীয়ে মানুহৰ বাসস্থানত প্ৰৱেশ কৰি ঘৰ-দুৱাৰ, শস্যৰ ক্ষতিসাধন কৰা, আনকি বহু লোক হাতীৰ আক্রমনত মৃত্যু হোৱা ঘটনাক ৰাজ্য চৰকাৰে উদ্বেগেৰে চাইছে। ফলত ৰাজ্যৰ বন বিভাগে মানৱ-হাতী সংঘাতৰ এনে ঘটনা ৰোধৰ বাবে কিছু হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী ব্যৱস্থা হাতত লৈছে। বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ এই ক্ষেত্ৰত মন্তব্য কৰে যে, মানুহ-হাতী সংঘাতৰ আঁৰৰ কাৰণসমূহ সঠিকভাৱে বিশ্লেষণ কৰাৰ প্ৰয়োজন আছে। তেওঁ মানি লৈছিল যে হস্তীয়ে ব্যৱহাৰ কৰা বহু জংঘল আৰু কৰিডৰত মানুহে বেদখল কৰিছে। ফলত জীৱ-জন্তুবোৰে খাদ্যৰ সন্ধানত মানুহৰ বাসস্থানলৈ আহিবলৈ বাধ্য হৈছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com