উত্তৰ প্ৰদেশৰ বিদ্যুৎ কেন্দ্ৰত অসমৰ ১০০০ কোটি টকা বিনিয়োগ

১৮৮৬ একৰ মাটিত বিস্তৃত এই প্ৰকল্পটোৰ আনুমানিক বাজেট ১৭২৩৭ কোটি টকা।
উত্তৰ প্ৰদেশৰ  বিদ্যুৎ কেন্দ্ৰত অসমৰ ১০০০ কোটি টকা বিনিয়োগ
Published on

গুৱাহাটীঃ ৰাজ্যৰ বিভিন্ন খণ্ডত বিদ্যুতৰ বৰ্ধিত প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে উত্তৰ প্ৰদেশৰ বিদ্যুৎ কেন্দ্ৰত বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। মূল চুক্তি অনুসৰি আগন্তুক ঘাটামপুৰ বিদ্যুৎ প্ৰকল্পত কেন্দ্ৰীয় চৰকাৰৰ ৫১% অংশীদাৰিত্ব থকাৰ বিপৰীতে উত্তৰ প্ৰদেশ চৰকাৰৰ বাকী ৪৯% অংশ আছিল। ১০০০ কোটি টকাৰ বিনিয়োগেৰে অসম চৰকাৰে উত্তৰ প্ৰদেশ চৰকাৰৰ ৪৯% ইকুইটিৰ ভিতৰত ২০% ইকুইটি ক্ৰয় কৰিছে। কানপুৰ জিলাত অৱস্থিত ঘাটামপুৰ বিদ্যুৎ প্ৰকল্পটো কয়লা চালিত তাপ বিদ্যুৎ প্ৰকল্প যাৰ শীৰ্ষ ক্ষমতা ১৯৮০ মেগাৱাট।এই প্ৰকল্প নেইভেলী লিগনাইট কৰ্পৰেশ্যন লিমিটেড আৰু উত্তৰ প্ৰদেশ ৰাজ্য বিদ্যুৎ উৎপাদন নিগম লিমিটেডৰ যৌথ উদ্যোগ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com