Begin typing your search above and press return to search.

চিৰাঙৰ ৰুণীখাতাত মৰ্মান্তিক ঘটনাঃ স্মাৰ্টফোন নথকাৰ বাবে ছাত্ৰৰ আত্মহত্যা

এবছুৰ চিৰাং জিলা সমিতিয়ে ছাত্ৰজনৰ মৃত্যুত শোক প্ৰকাশ কৰি অনলাইন শিক্ষাৰ বিকল্প ব্যৱস্থা কৰিবলৈ চৰকাৰক দাবী জনায়৷

চিৰাঙৰ ৰুণীখাতাত মৰ্মান্তিক ঘটনাঃ স্মাৰ্টফোন নথকাৰ বাবে ছাত্ৰৰ আত্মহত্যা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 Jun 2020 4:02 PM GMT

মাথোঁ এটা স্মাৰ্ট ফোন নথকাৰ বাবেই নিজকে নিঃশেষ কৰি দিলে দশমমান শ্ৰেণীৰ এজন ছাত্ৰই। প্ৰাপ্ত তথ্য অনুসৰি চিৰাং জিলাৰ ৰুণীখাতা আৰক্ষী থানাৰ অন্তৰ্গত শালবাৰী গাঁৱৰ দশম শ্ৰেণীৰ ছাত্ৰজন তথা দৰিদ্ৰ পৰিয়ালৰ সন্তান সুবুংছাৰ নাৰ্জাৰীয়ে স্মাৰ্টফোনৰ অভাৱৰ বাবে অনলাইন পাঠদান গ্ৰহণ কৰিব পৰা নাছিল। তলাবন্ধৰ ফলত বিদ্যালয় বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষা বিভাগে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে৷ কিন্তু দৰিদ্ৰ পৰিয়ালৰ সন্তান সুবুংছাৰৰ বাবে স্মাৰ্ট ফোন যোগাৰ কৰি লোৱাটো সহজ কথা নাছিল৷ তেওঁৰ পিতৃ জাপান নাৰ্জাৰীয়ে দিন হাজিৰা কৰি পৰিয়ালটো পোহপাল দি আহিছে। সেয়েহে তেওঁ পুত্ৰক প্ৰয়োজনীয় হোৱা সত্বেও ফোন কিনি দিবলৈ সমৰ্থ হোৱা নাছিল৷ স্মাৰ্টফোনৰ অভাৱত অনলাইন পাঠদানৰ লগতে পৰীক্ষাৰ পৰাও বঞ্চিত হৈ মানসিকভাৱে ভাগি পৰে ছাত্ৰজন৷ তেওঁ ইমানেই হতাশাত ভাগি পৰে যে অৱশেষত আত্মহননৰ পথ বাচি লয়৷

পাছত আৰক্ষীয়ে ছাত্ৰজনৰ ছুইচাইড নোট উদ্ধাৰ কৰে৷ উল্লেখ্য যে সুবুংচাৰ টুক্ৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ আছিল। তেওঁৰ আত্মহননে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে৷ আনহাতে, এবছুৰ চিৰাং জিলা সমিতিৰ সম্পাদক দিলীপ বসুমতাৰীয়ে ছাত্ৰজনৰ মৃত্যুত শোক প্ৰকাশ কৰি অনলাইন শিক্ষাৰ বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায়৷

Next Story
চাকৰি