Begin typing your search above and press return to search.

১৫ খনকৈ গ্ৰন্থ লিখি উলিয়ালে পাচলি বিক্ৰেতা লক্ষীৰাম দাসে

২০১৬ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ 'হৰি ভকতিৰ অমৃতবাণী ' প্ৰকাশ পায়

১৫ খনকৈ গ্ৰন্থ লিখি উলিয়ালে পাচলি বিক্ৰেতা লক্ষীৰাম দাসে

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Jun 2020 7:20 AM GMT

ইচ্ছাই আদিমূল! ইচ্ছা থাকিলে মানুহে দুঃসাধ্যও সম্ভৱ কৰি তুলিব পাৰে। যেন এই কথাষাৰে প্ৰমাণ কৰিলে মাজুলীৰ লক্ষীৰাম দুৱৰা দাসে। যোৰহাট নগৰত ফুটপাথত শাক-পাছলি বিক্ৰী দাসে জীৱিকা অৰ্জন কৰে। নগৰৰ মাজমজিয়াৰ 'দীপালী ফাৰ্মাছী'ৰ সন্মুখৰ ফুটপাথত দাসে পাচলি কৰে। কিন্তু তেওঁ এজন সাধাৰণ পাচলি বিক্ৰেতা নহয়, গ্ৰন্থ অধ্যয়ন আৰু গ্ৰন্থ ৰচনাৰ প্ৰতিও তেওঁৰ আছে হাবিয়াস। এনে হাবিয়াস আৰু আত্মবিশ্বাসক আশ্ৰয় কৰি তেওঁ লিখি উলিয়াইছে ইখনৰ পাছত সিখন গ্ৰন্থ। এনেদৰে বৰ্তমানলৈকে তেওঁ লিখি উলিয়াইছে ১৫ খন গ্ৰন্থ। কঠোৰ পৰিশ্ৰমৰ মাজতো সাহিত্য চৰ্চা আৰু সাধনা অব্যাহত ৰখা দাসে সাংবাদিকক জানিবলৈ দিয়া মতে, তেওঁৰ ধৰ্মীয় গ্ৰন্থসমূহ ইতিমধ্যে প্ৰকাশো পাইছে । ২০১৬ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ 'হৰি ভকতিৰ অমৃতবাণী ' প্ৰকাশ পায় । তেওঁ ৰচনা কৰা শেহতীয়া 'মণিকাঞ্চন সংযোগ' –ও প্ৰকাশ পাইছে ।

এই সন্দৰ্ভত দাসে কয়, 'মোৰ ধৰ্মগ্ৰন্থসমূহৰ প্ৰতি আগ্ৰহ বহু বেছি। সময় পালেই মই পঢ়ো। ৰাইজৰ পৰা লাভ কৰা অনুপ্ৰেৰণাৰ বাবেই মই লিখা গ্ৰন্থৰ সংখ্যা ১৫ হৈছেগৈ । তেওঁলোকে হয়তো নাজানে যে মই ফুটপাথত পাচলি বিক্ৰী কৰো"।

Next Story
চাকৰি