
গুৱাহাটীঃ শেহতীয়াকৈ মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত হোৱা 'মিচেছ ইণ্টাৰনেশ্যনেল গ্ল'বেল ৱৰ্ল্ড ফাইনেল ২০২৩'ত ভাৰতক প্ৰতিনিধিত্ব কৰা তৰালী শৰ্মা আৰু ড০ চুমি চৌধুৰী দাসক ক্ৰমে 'মিচেছ ফটোজেনিক' আৰু 'মিচেছ গ্লেমাৰাছ' হিচাপে সন্মানিত কৰা হয়। এইটো আছিল পাঁচ দিনীয়া আন্তঃৰাষ্ট্ৰীয় কাৰ্যসূচী য'ত ভাৰত, মেক্সিকো, জাপান, ভিয়েটনাম, ইউক্ৰেইন, ফিলিপাইনছ, কোৰিয়া, মালয়েছিয়া, ছিংগাপুৰ, লেটিন আমেৰিকা, শ্ৰীলংকা, বটছৱানা, চীন আদি বিভিন্ন দেশৰ ২৩ গৰাকী ৰাষ্ট্ৰীয় বিজয়ীয়ে অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ ব্যক্তিত্ব, প্ৰতিভা আৰু আন্তঃব্যক্তিগত দক্ষতাৰ ভিত্তিত তেওঁলোকৰ বিচাৰ কৰা হৈছিল।এই মঞ্চখন 'মিচেছ ইণ্টাৰনেশ্যনেল গ্ল'বেল (এম আই জি)'ৰ দ্বাৰা আৰম্ভ কৰা হৈছে যাতে মহিলাৰ অধিকাৰ উদযাপন কৰা হয় আৰু যিসকল মহিলাই নিজৰ নিৰ্বাচিত কেৰিয়াৰত সৱলীকৰণৰ উদাহৰণ দাঙি ধৰে আৰু তেওঁলোকে আনক প্ৰভাৱিত কৰাৰ লগতে পৰিৱৰ্তনৰ প্ৰেৰণা হিচাপে কাম কৰাৰ বাবে নিজকে অনন্য কৰি তোলা মহিলাসকলক স্বীকৃতি প্ৰদান কৰে।
লগতে পঢ়ক: ডিজিটেল সোণ: ক্ৰেতাৰ ভিৰ অনলাইনত