Begin typing your search above and press return to search.

ধৰ্ণাত বহিল প্ৰেমিক, প্ৰেমিকাক আনৰ সৈতে বিয়া হোৱাৰ পৰা বৰ্জন কৰিবলৈ এনে পদক্ষেপ।

যোৱা দেওবাৰে দক্ষিণ অসমৰ, হাইলাকান্দি জিলাৰ, আব্দুল্লাপুৰ আউটপোষ্টৰ সন্মুখত ধর্ণাত বহিল এজন যুৱক। তেওঁৰ দাবী, এগৰাকী যুৱতী যাক তেওঁ নিজৰ প্ৰেমিকা হিচাপে চিনাকী দিছে, তেওঁ আনৰ সৈতে বিয়া হোৱাত অসন্মতি প্ৰকাশ কৰিব লাগে।

ধৰ্ণাত বহিল প্ৰেমিক, প্ৰেমিকাক আনৰ সৈতে বিয়া হোৱাৰ পৰা বৰ্জন কৰিবলৈ এনে পদক্ষেপ।

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Sep 2021 10:23 AM GMT

বাহাৰুল ইছলাম মজুমদাৰ নামৰ যুৱকজনে, যোৱা দেওবাৰে দক্ষিণ অসমৰ, হাইলাকান্দি জিলাৰ, আব্দুল্লাপুৰ আউটপোষ্টৰ সন্মুখত ধর্ণাত বহে। তেওঁ জনাই যে, যোৱা ৭বছৰ ধৰি তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্কত থকা হাইলাকান্দি জিলাৰে ভিছিংগা গাঁৱৰ এগৰাকী যুৱতীয়ে তেঁওক প্ৰেমত প্ৰতাৰণা কৰি অন্য কাৰোবাৰ সৈতে বিয়াত বহিবলৈ লোৱাৰ বাবেই তেওঁ অৰ পদক্ষেপ হাতত লৈছে।

যুৱক জনে দাবী কৰিছে যে তেওঁ যুৱতী গৰাকীৰ উপৰত প্ৰায় ৩লাখ টকা খৰচ কৰিছে, যি তেওঁ বেংগালুৰুৰ এখন কাপোৰৰ দোকানত কাম কৰি কষ্টৰে অৰ্জা ধন। তেওঁ কয় যে, বেংগালুৰুৰ পৰা অসমলৈ আহিলে যুৱতী গৰাকীলৈ বিভিন্ন দামী উপহাৰ লৈ আহে। যোৱা দেওবাৰে তেওঁ জানিবলৈ পায় যে, যুৱতী গৰাকীয়ে তেওঁক প্ৰতাৰণা কৰি বেলেগৰ লগত বিয়া হ'বলৈ গৈ আছে, সেই হেতু তেওঁ ধৰ্ণাত বহে যাতে যুৱতী গৰাকীৰ কু - কৰ্মৰ বিষয়ে সকলোকে অৱগত কৰাব পাৰে। তেওঁ দাবী কৰিছে যে যুৱতী গৰাকীয়ে আনৰ সৈতে বিয়া হোৱাত অসন্মতি প্ৰকাশ কৰি, তেওঁৰ ওচৰলৈ ঘূৰি আহিব লগে।

এই ধৰ্ণাৰ ফলস্বৰূপে ৰাস্তাত কিছু যান - বাহন বহু সময় লৈকে ফঁছি থাকিবলগীয়া হয়। যাৰ বাবে আৰক্ষীয়ে কিছু স্থানীয় লোকৰ সৈতে যুৱক জনক সেই স্থানৰ পৰা উঠাই পঠিয়াই।

আৰু পঢ়িব পাৰেঃ বহুতৰে হৃদয় জয় কৰিলে লিংগ ৰূপান্তৰকাৰী ভাৰতীয় মডেলৰ অভিনয়ে

Next Story
চাকৰি