সচিবালয়ৰ পৰায়ে আৰম্ভ হওঁক অসমীয়া ভাষা প্ৰয়োগৰ পক্ৰিয়া: অসম সাহিত্য সভা

সচিবালয়ৰ পৰায়ে আৰম্ভ হওঁক অসমীয়া ভাষা প্ৰয়োগৰ পক্ৰিয়া: অসম সাহিত্য সভা

ৰাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আজি অসম সাহিত্য সভায়ে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত প্ৰকাশ কৰে যে ৰাজ্যৰ সচিবালয়ৰ পৰায়ে আৰম্ভ হওঁক চৰকাৰী ভাষা প্ৰয়োগৰ পক্ৰিয়া ।

লগতে ভাষা নীতি আৰু প্ৰয়োগৰ সিদ্ধান্ত চৰকাৰক পৰবৰ্তী কেবিনেটত গ্ৰহণ কৰিবলৈ আহ্বান জনাই অসম সাহিত্য সভায়ে। ভাষা নীতি প্ৰয়োগ কৰক নহ'লে অসমত অসমীয়া ভাষীৰ সংখ্যা ৩০-৪০ শতাংশ হবগৈ বুলি প্ৰকাশ কৰে পৰমানন্দ ৰাজবংশীয়ে ।

অসমৰ মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ত ভাষাৰ প্ৰচলনৰ ক্ষেত্ৰত সকলো কাম-কাজ আৰু প্ৰয়োজনীয় নিৰ্দেশ দিয়া হৈছে বুলি প্ৰকাশ কৰে । ইংৰাজীৰ ভাষাৰ লগতে মাতৃভাষা ভাষাও বাধ্যতামূলক কৰাৰ ক্ষেত্ৰত অসম সাহিত্য সভায়ে যি প্ৰস্তাৱ দিছিল, সেই প্ৰস্তাৱৰ সন্দৰ্ভত মুখ্য সচিবে কাৰ্যকৰী ব্যবস্থা গ্ৰহণ কৰাৰ ব্যৱস্থাৰ গ্ৰহণৰ কথাও উল্লেখ কৰে অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

বিশ্ববিদ্যালয় , মহাবিদ্যালয় আৰু সকলো শিক্ষানুষ্ঠানৰ লগতে ভাষা নীতি অনুসৰি অসমীয়া, বড়ো আৰু বাংলা ভাষা প্ৰয়োগ কৰাৰো আহ্বান জনাই অসম সাহিত্য সভায়ে ।

অন্য খবৰৰ বাবে পঢ়ক :ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com