Begin typing your search above and press return to search.

পুনৰ এবাৰ বৰাক উপত্যকাত অসন্মানিত অসমীয়া ভাষা

এই ঘটনা সংঘটিত কৰোৱাৰ আঁৰৰ দোষীৰ বিৰুদ্ধে অনুসন্ধান কৰাৰ হেতুকে মাটি পঠিওৱা হয় প্ৰতিনিধি গৰাকীক

পুনৰ এবাৰ বৰাক উপত্যকাত অসন্মানিত অসমীয়া ভাষা

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2021 10:52 AM GMT

পুনৰ এবাৰ অসমীয়া ভাষাত লিখিত পোষ্টাৰ সমূহক তললৈ নমাই পেলোৱা হ'ল কাছাৰ জিলাৰ মেহেৰপুৰ অঞ্চলত। এই ঘটনা সংঘটিত হোৱাৰ পাছতেই, তদন্দৰ বাবে আৰক্ষী প্ৰশাসনৰ দ্বাৰা আৰক্ষী চকীত আহি উপস্থিত হ'বলৈ আদেশ জাৰি কৰা হ'ল বৰাক দেমক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি প্ৰদীপ দত্ত ৰয়ক।

এই ঘটনা সংঘটিত কৰোৱাৰ আঁৰৰ দোষীৰ বিৰুদ্ধে অনুসন্ধান কৰাৰ হেতুকে মাটি পঠিওৱা হয় প্ৰতিনিধি গৰাকীক।

শেহতীয়া ভাৱে প্ৰকাশ পোৱা এটি ভিডিঅ' ত এখন অসমীয়া ভাষাৰ এখন পোষ্টাৰৰ সলনি, অন্য এখন বেংগলী ভাষাৰ পোষ্টাৰ উলুমাবিৰ বাবে দাবী জনোৱা দেখা গৈছিল দেমক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিনিধি প্ৰদীপ দত্ত ৰয়ক। ইয়াৰ লগতে অসমীয়া ভাষা সংশোধন অধিনিয়ম ১৯৬১লৈ, উদ্দেশ্য কৰি তেওঁ কয় যে যদিহে প্ৰশাসনে ৪৮ঘণ্টাৰ ভিতৰত ইয়াৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে তেন্তে নিশ্চিত ভাৱে এই বিষয়ত তেওঁলোকৰ সংগঠনটোৱে হস্তক্ষেপ কৰিব। ইয়াৰ লগতে দত্তই প্ৰকাশ কৰে যে, চৰকাৰৰ দ্বাৰা সম্প্ৰচাৰ কৰা অসমীয়া ভখৰ বিজ্ঞাপন সমূহক লৈ কোনো ধৰণৰ সমস্যা নাই, কিন্তু এই বিজ্ঞাপন সমূহত বেংগলী ভাষাটোও সংযুক্ত কৰা আৱশ্যক।

গুৱাহাটী ভিত্তি বিভিন্ন খবৰ সংস্থান সমূহে ভুলভাৱে নিজৰ মন্তব্য প্ৰকাশ কৰে আৰু শিলচৰৰ এনে এখন প্ৰতিচ্ছবি দৰ্শাই য'ত দৰ্শক বাধ্য হয় শিলচৰক অনা - অসমীয়া হিচাপে মানি ল'বলৈ।

দত্তক মাটি পঠিওৱা হৈছে কাছাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ। প্ৰায় ১বজাত আৰক্ষী অধীক্ষক, ৰমনদ্বীপ কৌৰে প্ৰকাশ কৰে যে, "অসমীয়া পোষ্টাৰ নমোৱাৰ সৈতে সম্বন্ধ থকাৰ বাবে তেওঁক মাতি পঠিওৱা হৈছে"। দত্তৰ বিৰুদ্ধে এইবাৰ কোনো ধৰণৰ গোচৰ হোৱা নাই যদিও, যোৱা বাৰ ৰেলৱে ষ্টেচনৰ পোষ্টাৰ সমূহ নষ্ট কৰাৰ দোষত তেওঁৰ বিৰুদ্ধে কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল। "যোৱা বাৰৰ গোচৰৰ ভিত্তিতে তেওঁক সোধপূচৰ বাবে মতা হৈছে, কিয়নো এইবাৰ সংঘটিত হোৱা এই কান্ধত যুৱাবাৰৰ সাদিশ্যতা আছে"।

নৱেম্বৰ ২৪ তাৰিখে লগোৱা হৈছে এই পোষ্টাৰ, যাৰ পৰবৰ্তী দিনা প্ৰদীপ দত্ত ৰয়ে প্ৰতিনিধিত্ব কৰা এটি দল আহি উপস্থিত হৈছিল সেই ঠাই। আৰু ৪৮ঘণ্টাৰ ভিতৰত জিলা প্ৰশাসনক ইয়াৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ দাবী জনাইছিল, নতুবা তেওঁলোকৰ ইয়াৰ বিৰুদ্ধে নিজেই কোনো পদক্ষেপ ল'ব বুলিও দাবী জনাইছিল। কিন্তু সময়সীমা পাৰ হোৱাৰ পাছতে প্ৰশাসনে ইয়াক লৈ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা দেখা নগ'ল। ফল স্বৰূপে যোৱা শুকুৰবাৰ, ২৬ নৱেম্বৰ তাৰিখে পোষ্টাৰ সমূহ নমাই পেলোৱা হ'ল।

অন্যহাতে আচুৰ প্ৰতিনিধি শংকৰ জ্যোতি বৰুৱাই এই ঘটনাৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰদীপ দত্ত ৰয়ক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে আৰু লগতে তেওঁ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা ল'বলৈ দাবী জনাইছে।


আৰু পঢ়ক: মেঘালয়ত কংগ্ৰেছত দলত্যাগৰ জোৱাৰ উঠাৰ ঘটনাৰ তদন্ত কৰিব নেতৃত্বইঃ খাৰ্গে


Next Story
চাকৰি