Begin typing your search above and press return to search.

ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধঃ বৰপেটাত প্ৰশাসনে বন্ধ কৰিলে ১২খন বজাৰ

বিখ্যাত কলগাছিয়া আৰু বাঘবৰ বজাৰো বন্ধ কৰা হৈছে।

কৰনাৰ সংক্ৰমণ প্ৰতিৰোধঃ বৰপেটাত প্ৰশাসনে বন্ধ কৰিলে ১২খন বজাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-07T20:52:56+05:30

ক'ৰ'না মহামাৰীয়ে ৰাজ্যত একপ্ৰকাৰ প্ৰায় বিভীষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ইতিমধ্যে একাধিক জিলাই ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে পুনৰ তলাবন্ধ ঘোষণাৰ সিদ্ধান্ত লৈছে। বৰপেটাতো জিলা প্ৰশাসনে ১২ খন বজাৰ বন্ধ কৰিছে। জিলা মুনীন্দ্ৰ শৰ্মাই এই ১২খন বজাৰ বন্ধ ঘোষণা কৰিছে। ইয়াৰ উদ্দেশ্যে হৈছে মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰা। উপায়ুক্তৰ এই নিৰ্দেশ অনুসৰি বিখ্যাত কলগাছিয়া আৰু বাঘবৰ বজাৰো বন্ধ কৰা হৈছে। ইপিনে, ৰাজ্যত ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই আছে। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত মৃতৰ সংখ্যা আজি ৰাজ্যত ১৫ জনলৈ বৃদ্ধি পায়।

Next Story