Begin typing your search above and press return to search.

স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ফে'চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ বিশ্বনাথৰ যুৱক

ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত ৰাজ্যক নেতৃত্ব দি থকাৰ সময়তে মন্ত্ৰী শৰ্মা বৃক্কৰ পাত্থৰ ৰোগত অসুস্থ হয়।

স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে ফেচবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ বিশ্বনাথৰ যুৱক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Jun 2020 1:33 PM GMT

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ফে'চবুকত আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ'ল বিশ্বনাথৰ এজন যুৱক ৷ অভিযোগ অনুসৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ছাত্ৰ শাখা ছাত্ৰ মুক্তিৰ সদস্য তথা বিশ্বনাথৰ বিহালীৰ যুৱক অনিল বণিয়াই ফে'চবুকত স্বাস্থ্য মন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰে ৷ এই অভিযোগত আজি সোমবাৰে বণিয়াক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত ৰাজ্যক নেতৃত্ব দি থকাৰ সময়তে মন্ত্ৰী শৰ্মা বৃক্কৰ পাত্থৰ ৰোগত অসুস্থ হয়। তাৰ পাছতে ছাত্ৰ মুক্তিৰ সদস্যজনে ফে'চবুকত এটা তীব্ৰ আপত্তিজনক মন্তব্য কৰি কয় যে তেওঁ মন্ত্ৰীজনৰ মৃত্যু কামনা কৰে । ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনহাতে, আৰক্ষীয়ে ক্ষিপ্ৰতৰে ব্যৱস্থা গ্ৰহণ কৰি যুৱকজনক আজি পুৱা বিহালীৰ ৰংছালি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে দেওবাৰে মন্ত্ৰী শৰ্মাৰ বৃক্কত পাত্থৰ ধৰা পৰে ৷ পেটত বিষ অনুভৱ কৰাত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ যায় ৷ তেতিয়া চিকিৎসকে পৰীক্ষা-নিৰীক্ষা কৰি পাত্থৰ হোৱা বুলি ঘোষণা কৰে ৷ এই কথা পাছত তেওঁ টুইটাৰযোগে প্ৰকাশ কৰে ৷ "পেটত অসহ্য বিষ অনুভৱ কৰাত জি এম চি এইচলৈ য়াওঁ ৷ তাত চিকিৎসকে আল্ট্ৰা ছ'ন'গ্ৰাফী কৰি মোৰ বৃক্কত ৩.৭৬ মিলিমিটাৰৰ এটা পাত্থৰ ধৰা পেলায় । বিষৰ পৰা উপশম লাভৰ বাবে ছেলাইন আৰু বেজী লৈ আছো ।" এটা টুইটত মন্ত্ৰীজনে এইদৰে কৈছিল ৷

আৰু পঢ়িব পাৰেঃ ছহিদ কুশল কোঁৱৰলৈ মুখ্যমন্ত্ৰী সোণোৱালসহ ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলী

Next Story
চাকৰি