Begin typing your search above and press return to search.
ডিব্ৰুগড়ত বিজেপি নেতাৰ পত্নীৰ আত্মহত্যা
মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে স্বামী আৰু কণমানি কন্যাক এৰি থৈ যায়।

শেহতীয়াভাবে একাংশ বিখ্যাত ব্যক্তিৰ আত্মহননৰ ঘটনাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে ডিব্ৰুগড়ৰ এজন জ্যেষ্ঠ বিজেপি নেতাৰ পত্নীয়ে আত্মহত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। প্ৰাপ্ত তথ্য অনুসৰি ডিব্ৰুগড় জিলা বিজেপিৰ সম্পাদক নয়ন দাসৰ পত্নী তৰা দাসক চিপ লৈ থকা অৱস্থাত নিজ ঘৰৰ শোৱনী কোঠাত উদ্ধাত উদ্ধাৰ হৈছে। বিজেপি নেতাজনৰ ঘৰ ডিব্ৰুগড়ৰ বাণীপুৰত। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে ঘটনাটো আত্মহত্যা বুলি সন্দেহ কৰিছে। অৱশ্যে মহিলাগৰাকীৰ কোনো ছুইচাইড নোট উদ্ধাৰ হোৱা নাই বুলি আৰক্ষীয়ে জনায়। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে স্বামী আৰু কণমানি কন্যাক এৰি থৈ যায়।
Next Story