বিজেপি বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ শৰীৰত ক'ৰ'না ভাইৰাছ

ৰাজ্যত শেহতীয়াভাবে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে।
বিজেপি বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ শৰীৰত ক'ৰ'না ভাইৰাছ
Published on

মহামাৰী সৃষ্টিকাৰী ক'ৰ'না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে বিজেপি বিধায়িকা নৱনীতা সন্দিকৈৰ পুত্ৰৰ শৰীৰত। প্ৰাপ্ত তথ্য অনুসৰি সোণাৰিৰ বিধায়িকা সন্দিকৈৰ পুত্ৰ কৰণজ্যোতি সন্দিকৈ ক'ৰ'না পজিটিভ হৈছে। ইয়াৰ পূৰ্বে বিধায়িকাগৰাকীৰ গাড়ীচালক কাৰ্তিক বৰা আৰু ঘনিষ্ঠ সহযোগী জিষ্ণু পাল ক'ৰ'না পজিটিভ হয়।অৱশ্যে একাংশ সূত্ৰৰ মতে, সন্দিকৈৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই। আনহাতে, কালি সাংসদ তপন কুমাৰ গগৈ আৰু মন্ত্ৰী যোগেন মহন বিধায়িকাগৰাকীৰ সংস্পৰ্শলৈ আহিছিল। ৰাজ্যত শেহতীয়াভাবে ক'ৰ'না মহামাৰীত আক্ৰান্তৰ সংখ্যা তীব্ৰগতিত বৃদ্ধি পাইছে। শেহতীয়া তথ্য অনুসৰি এই মহামাৰীত আক্ৰান্তৰ মুঠ সংখ্যা সম্প্ৰতি ২০হেজাৰৰ অধিক হৈছে।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com