Begin typing your search above and press return to search.

আকৌ বানৰ আশংকাঃ যোৰহাটত ব্ৰহ্মপুত্ৰ-শোণিতপুৰত বিপদ সীমাৰ ওপৰেৰে জীয়াভৰলী

যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু শোণিতপুৰ জিলাৰ এন টি ৰোড ক্ৰছিঙত বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে জীয়াভৰলী

আকৌ বানৰ আশংকাঃ যোৰহাটত ব্ৰহ্মপুত্ৰ-শোণিতপুৰত বিপদ সীমাৰ ওপৰেৰে জীয়াভৰলী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Jun 2020 3:47 PM GMT

ৰাজ্যত চলিত বাৰিষাৰ প্ৰথমটো বানৰ পৰা সহস্ৰাধিক লোকে কথমপি সকাহ পোৱাৰ সময়তে কেতবোৰ স্থানত পুনৰ বান পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকাই দেখা দিছে। শেহতীয়া তথ্য অনুসৰি যোৰহাটৰ নিমাতীঘাটত ব্ৰহ্মপুত্ৰ আৰু শোণিতপুৰ জিলাৰ এন টি ৰোড ক্ৰছিঙত বিপদসীমাৰ ওপৰেৰে প্ৰবাহিত হৈ আছে জীয়াভৰলী নৈ। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি শেহতীয়া বানত বহু ঠাইত অনেক ক্ষতিসাধন হয়। বৰ্তমানেও ধেমাজি জিলাৰ ১৫খন গাঁৱৰ ১,৫২০জন ব্যক্তি এই বানৰ দ্বাৰা আক্ৰান্ত হৈযে আছে। অৱশ্যে আন জিলাসমূহত বান পৰিস্থিতিৰ বহু উন্নতি সাধন ঘটিল। ইয়াৰ বিপৰীতে ধেমাজি জিলাত ৭২০ হেক্টৰ কৃষি-ভূমি বৰ্তমানেও বানৰ পানীত বুৰ গৈ আছে।

আনহাতে, শেহতীয়া এই বানে ওদালগুৰি জিলাত এটা নৰ্দমা বান্ধ ছিঙি নিয়ে। এই বানত পশুকুলৰো ক্ষতিসাধন হয়। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি এই বানত সৰু-বৰ মুঠ ১,৬৪৮টা প্ৰাণী ক্ষতিগ্ৰস্ত হয়। ইয়াৰে ৬২০টা প্ৰাণী ডাঙৰ, ৪৪০টা সৰু আৰু ৫৮৮টা হাঁহ-কুকুৰা।

আৰু পঢ়িব পাৰেঃ বাঘজানঃ প্ৰতিবাদত ৫,৮৪৪মেট্ৰিক টন খাৰুৱা তেলৰ লোকচান অইলৰ

Next Story
চাকৰি