ডিব্ৰুগড়ৰ বাবে আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত কোৱাৰ্টাৰ ভাঙি আঠ মহলীয়া অট্টালিকা স্থাপন কৰাৰ কথা ঘোষণা কৰে
ডিব্ৰুগড়ৰ বাবে আঁচনি ঘোষণা মুখ্যমন্ত্ৰীৰ
Published on

ডিব্ৰুগড়ঃ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত পুৰণি কৰ্মচাৰীৰ কোৱাৰ্টাৰ ভাঙি আঠ মহলীয়া অট্টালিকা স্থাপন কৰাৰ কথা ঘোষণা কৰে। ইয়াত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, "আজি কেবিনেটে ৩০০ কোটি টকা ব্যয় কৰি এ এম চি এইচত আঠ মহলীয়া অট্টালিকা নিৰ্মাণৰ সিদ্ধান্ত লৈছে। পুৰণি কোৱাৰ্টাৰ ভাঙি এ এম চি এইচৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বাবে নতুন অট্টালিকা নিৰ্মাণ কৰা হ'ব।"

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com