গুৱাহাটী মহানগৰীত বাঢ়িব শীতৰ প্ৰকোপ

২০২২ চনৰ শেষৰ দিনটো উল্লাসেৰে উদযাপন কৰাৰ পৰিকল্পনা কৰা গুৱাহাটীবাসীৰ উৎসাহ- উৎসৱমুখৰ মনোভাৱ পৰিব পাৰে ম্লান
গুৱাহাটী মহানগৰীত বাঢ়িব  শীতৰ  প্ৰকোপ
Published on

গুৱাহাটীঃ ২০২২ চনৰ শেষৰ ফালে উদযাপন কৰাৰ পৰিকল্পনা কৰা গুৱাহাটীবাসীৰ মাজত উৎসৱমুখৰ মনোভাৱ ম্লান কৰিব পৰা এক পৰিঘটনা। বতৰ বিজ্ঞান বিভাগে ভৱিষ্যদ্বাণী কৰিছে যে মহানগৰীৰ তাপমাত্ৰা আৰু অধিক হ্ৰাস পাই ১১ ডিগ্ৰী চেলছিয়াছত উপনীত হোৱাৰ সম্ভাৱনা আছে ৩১ ডিচেম্বৰৰ নিশা আৰু নৱবৰ্ষৰ প্ৰথম দিনটোত। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি অহা কেইদিনমানৰ ভিতৰত গুৱাহাটীৰ নূন্যতম তাপমাত্ৰা ১১ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে। মহানগৰীৰ সৰ্বোচ্চ তাপমাত্ৰা প্ৰায় ২৪ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে।আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী কেইদিনমানৰ ভিতৰত কুঁৱলী, আৰু ডাৱৰীয়া আকাশৰ ভৱিষ্যদ্বাণী কৰিছে। ইয়াৰ উপৰিও জানুৱাৰী মাহৰ প্ৰথম ভাগত গুৱাহাটীত শীত প্ৰকোপ বাঢ়িব বুলি ভৱিষ্যদ্বাণী কৰিছে। লক্ষণীয় যে যোৱা দুদিনমানৰ পৰা মহানগৰীৰ তাপমাত্ৰা কিছু পৰিমাণে কমিছে যদিও চহৰখনৰ বতৰ এতিয়াও বাহিৰৰ অঞ্চলবোৰতকৈ উষ্ণ হৈ আছে, যিবোৰ অঞ্চলত প্ৰকৃততে পৰম্পৰাগত শীতকালীন শীতলতা দেখা গৈছে। চহৰখনৰ কাষৰ তুলনামূলকভাৱে মুকলি অঞ্চলবোৰৰ কথা ক'বলৈ গ'লে ইতিমধ্যে উষ্ণতাৰ বাবে মানুহে অগ্নিকুণ্ড জ্বলোৱাটো এটা সাধাৰণ দৃশ্য ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com