ডিফু মেডিকেলত ক'ৰ'না আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান

যোৱা ২৩ জুলাইত কাৰ্বি আংলঙৰ এই মহিলাগৰাকীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে।
ডিফু মেডিকেলত ক'ৰ'না আক্ৰান্ত মহিলাই জন্ম দিলে সন্তান
Published on: 

এগৰাকী ক'ৰ'না আক্ৰান্ত মহিলাই ডিফু মেডিকেল কলেজ হাস্পতালত এটি সুস্থ সন্তান জন্ম দিছে।প্ৰাপ্ত তথ্য অনুসৰি আজি সোমবাৰে সন্তান প্ৰসৱ কৰে মহিলাগৰাকীয়ে। বৰ্তমানলৈকে তেওঁৰ অৱস্থা সুস্থ হৈ আছে বুলি হাস্পতাল কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। এই ক'ৰ'না পজিটিভ মহিলাগৰাকীয়ে সন্তান প্ৰসৱ কৰাৰ বাতৰিয়ে বহুতৰে বাবে স্বস্তিৰ বাৰ্তা কঢ়িয়াইছে। ইয়াৰ পূৰ্বে কোকৰাঝাৰতো দুগৰাকী ক'ৰ'না পজিটিভ মহিলাই সুস্থ সন্তান জন্ম দিয়ে। নৱজাতক দুটিৰ শৰীৰত ক'ৰ'না উপস্থিতি ধৰা পৰা নাই। যোৱা ২৩ জুলাইত কাৰ্বি আংলঙৰ এই মহিলাগৰাকীৰ শৰীৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com