Begin typing your search above and press return to search.

ক'ৰ'না মহামাৰীঃ ডিমা হাচাওতো সম্পূৰ্ণ তলাবন্ধ আৰোপ

উল্লেখ্য যে ডিমা হাছাও জিলাত বৰ্তমানলৈকে ১২৮ জন লোক ক’ৰ’না মহামাৰীত আক্ৰান্ত হৈছে।

কৰনা মহামাৰীঃ ডিমা হাচাওতো সম্পূৰ্ণ তলাবন্ধ আৰোপ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 July 2020 5:12 PM GMT

মহামাৰী সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ডিমা হাছাও জিলাতো সম্পূৰ্ণ তলাবন্ধ আৰোপ কৰিছে প্ৰশাসনে। জিলা প্ৰশাসনে পাহাৰীয়া জিলাখনত অহা সোমবাৰৰ পৰা ১৪ দিনৰ বাবে সম্পূৰ্ণ তলাবন্ধ ঘোষণা কৰিছে।শুকুৰবাৰে জিলাখনত গৰাকী ক'ৰ'না আক্ৰান্ত চিনাক্ত কাৰ হয়। ইয়াৰ পাছতে প্ৰশাসনে জিলাখনত সম্পূৰ্ণ তলাবন্ধৰ আৰোপৰ সিদ্ধান্ত লয়। উল্লেখ্য যে ডিমা হাছাও জিলাত বৰ্তমানলৈকে ১২৮ জন লোক ক'ৰ'না মহামাৰীত আক্ৰান্ত হৈছে।

জিলাখনত নতুনকৈ ক'ভিড-১৯ত ৰোগত আক্ৰান্ত হোৱা ৭জন ৰোগীৰ মাজত ৫গৰাকী মানদাৰ দিছা চেকপোষ্টত কৰ্মৰত আৰক্ষীৰ কৰ্মী আৰু এগৰাকী ব্যক্তি দিয়ুংমুখ স্বাস্থ্য কেন্দ্ৰৰ কৰ্মচাৰীৰ পুত্ৰ । এই আটাইকেইগৰাকীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাই বুলি জানিবলৈ দিছে হাফলং অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ কল্পনা কেম্প্ৰাইয়ে।

Next Story
চাকৰি