গৃহত আছুতীয়াকৈ থকা বা হোম কোৱাৰেণ্টিনত থকা কোকৰাঝাৰৰ এজন ক'ৰ'না আক্ৰান্ত ব্যক্তি মৃত্যুমুখত পৰিছে ৷ প্ৰাপ্ত তথ্য অনুসৰি চেঁচাপানীৰ ৰাজকুমাৰ বসুমতাৰী নামৰ ব্যক্তিজনৰ শৰীৰত যোৱা পাঁচ ছেপ্টেম্বৰত ক'ৰ'না ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ তাৰ পাছত তেওঁ হোম কোৱাৰেণ্টিনত থাকিবলৈ লয় ৷
হোম কোৱাৰেণ্টিনত থকা অৱস্থাতে আজি তেওঁৰ মৃত্যু হয় ৷ ইয়াৰ লগে লগে কোকৰাঝাৰত ক'ৰ'নাত মৃতৰ সংখ্যা ১৮জনলৈ বৃদ্ধি পাইছে ৷
আৰু পঢ়িব পাৰেঃ ৰাজ্যৰ ক্ৰিকেট কিংবদন্তী প্ৰবোধ চৌধুৰীৰ বিয়োগত শোক