অসমত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সোমবাৰে এক সংবাদমেল যোগে এই তথ্য জনায়
অসমত হ্ৰাস পাইছে অপৰাধৰ সংখ্যা

গুৱাহাটীঃ অসমৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই সোমবাৰে কয় যে ৰাজ্যখনত পূৰ্বে গড়ে প্ৰতি লাখ জনসংখ্যাত ৩৬৬টা অপৰাধৰ হাৰ আছিল। কিন্তু এতিয়া প্ৰতি লাখ জনসংখ্যাৰ বিপৰীতে ২০০টালৈ হ্ৰাস পাইছে ।অসম আৰক্ষীয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে। ২০২১ চনৰ শেষত ৯৫,৯৯৪ টা গোচৰ আৰু ২০২০ চনৰ শেষত এক লাখতকৈ অধিক গোচৰৰ বিপৰীতে ২০২২ চনৰ শেষত ৫৮,৯০৮ টা গোচৰলৈও হ্ৰাস পাইছে।ইয়াৰ উপৰিও চাৰ্জ শ্বীটৰ শতাংশও ৪৮ শতাংশলৈ বৃদ্ধি পাইছে ২০২২ চনত যি বিগত বছৰত ৩৯ শতাংশ আছিল।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি ডিজিপিয়ে কয় যে এই সাফল্যই তদন্তকাৰী বিষয়া আৰু গোচৰৰ অনুপাত উন্নত কৰিব আৰু তাৰ দ্বাৰা তদন্ত আৰু তত্বাৱধানৰ মান বৃদ্ধি কৰিব। তদুপৰি, ২০২১ চনৰ শেষৰ ফালে ৫২টা গোচৰৰ বিপৰীতে গড়ে প্ৰতিজন তদন্তকাৰী বিষয়াৰ গোচৰৰ সংখ্যা ২৫টালৈ হ্ৰাস পাইছে বুলিও তেওঁ জনায়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com