Begin typing your search above and press return to search.

ক'ৰ'নাত আক্ৰান্ত হ'ল শোণিতপুৰৰ উপায়ুক্ত সিঙৰ পত্নী

তাৰ পাছতে তেওঁ চিকিত্সাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে।

কৰনাত আক্ৰান্ত হল শোণিতপুৰৰ উপায়ুক্ত সিঙৰ পত্নী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  15 Aug 2020 6:10 AM GMT

ক'ৰ'না পজিটিভ হৈছে শোণিতপুৰ জিলাৰ উপায়ুক্ত মানবেন্দ্ৰ সিঙৰ পত্নী। প্ৰাপ্ত তথ্য অনুসৰি উপায়ুক্ত সিঙৰ পত্নী ডঃ অপৰ্ণা মানবেন্দ্ৰ সিং শৰীৰত এই মহামাৰী সৃষ্টিকাৰী ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। তাৰ পাছতে তেওঁ চিকিত্সাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈছে। উল্লেখ্য যে শোণিতপুৰ জিলাত ক'ৰ'না আক্ৰান্তৰ সংখ্যা ধাৰাবাহিকভাবে বৃদ্ধি পাই আছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ৰাইজক অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে।

ইপিনে, স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি সম্প্ৰতি সমগ্ৰ ৰাজ্যত মুঠ ক'ৰ'না পজিটিভৰ সংখ্যা ৭৪,৫০১লৈ বৃদ্ধি পাইছে। ইয়াৰে ২৪,৯৪০ জন সক্ৰিয় ক'ৰ'না পজিটিভ।

আৰু পঢ়িব পাৰেঃ আত্মনিৰ্ভৰ ভাৰতৰ সপোন এক প্ৰতিজ্ঞাত পৰিণত হৈছেঃ মোদী

Next Story
চাকৰি