Begin typing your search above and press return to search.

শিক্ষানুষ্ঠানত উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহঃ ধৰ্ষণৰ পাছত হত্যাৰ সন্দেহ

শিক্ষয়িত্ৰীগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণৰূপে জ্বলি যায়।

শিক্ষানুষ্ঠানত উদ্ধাৰ শিক্ষয়িত্ৰীৰ মৃতদেহঃ ধৰ্ষণৰ পাছত হত্যাৰ সন্দেহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2020-07-08T17:50:07+05:30

এক নাৰকীয় ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱত। যোৱা সোমবাৰৰ ৰহস্যজনকভাবে সন্ধানহীন হৈ থকা এগৰাকী শিক্ষয়িত্ৰীৰ বিদীৰ্ণ মৃতদেহ আজি স্থানীয় এখন শিক্ষানুষ্ঠানত উদ্ধাৰ হয়। প্ৰাপ্ত তথ্য অনুসৰি শিক্ষয়িত্ৰীগৰাকীক কোনো লোকে যোৱা সোমবাৰে অপহৰণ কৰে। পাছত অসহায় শিক্ষয়িত্ৰীগৰাকীক অপহৰণকাৰীয়ে ধৰ্ষণ কৰি পাছত এচিড ঢালি হত্যা কৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে ।তেওঁৰ মৃতদেহ স্থানীয় ইউ এন ব্ৰহ্ম একাডেমীত উদ্ধাৰ হয়। শিক্ষয়িত্ৰীগৰাকীৰ মুখমণ্ডল সম্পূৰ্ণৰূপে জ্বলি যায়। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সম্পৰ্কত তদন্ত কৰি আছে। ইতিমধ্যে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

Next Story