Begin typing your search above and press return to search.

আনে অনলাইনত অৰ্ডাৰ দিয়া ফোন দোকানীক বিক্ৰী ডেলিভাৰী বয়ৰ, ধৃত ১

ইতিমধ্যে আৰক্ষীয়ে চুৰি ম'বাইল ফোন বৈধৰূপে বিক্ৰী কৰা দোকানীজনক গ্ৰেপ্তাৰ কৰিছে।

আনে অনলাইনত অৰ্ডাৰ দিয়া ফোন দোকানীক বিক্ৰী ডেলিভাৰী বয়ৰ, ধৃত ১

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 July 2020 11:23 AM GMT

আন ব্যক্তিয়ে অনলাইনত অৰ্ডাৰ দিয়া এটা ফোন ডেলীভাৰী বয়ে বিক্ৰী কৰিলে মোবাইল ফোনৰ এজন দোকানীক। এই ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ কলিয়াবৰত। প্ৰাপ্ত তথ্য অনুসৰি

ফোনটো পাছত দোকানীজনে এজন গ্ৰাহকক বিক্ৰী কৰে। ইতিমধ্যে আৰক্ষীয়ে চুৰি ম'বাইল ফোন বৈধৰূপে বিক্ৰী কৰা দোকানীজনক গ্ৰেপ্তাৰ কৰিছে।

কলিয়াবৰৰ হাতীবন্ধাৰ ফিৰজ উপাধ্যায় নামৰ লোকজনে কিছুদিন পূৰ্বে অনলাইনত এটা ফোন অৰ্ডাৰ দিয়ে। কিন্তু ডেলাভাৰী বয়ে ফোনটো বিক্ৰী কৰে জখলাবন্ধাৰ Mobile Arkade নামৰ দোকানখনত।পাছত তেওঁ নিৰ্দিষ্ট সময়ত ফোনটো লাভ নকৰাত সংশ্লিষ্ট শ্বপিং ছাইটৰ সৈতে যোগাযোগ কৰে। তেতিয়া প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই ফোনটো ট্ৰেক কৰি তাৰ অৱস্থান কলিয়াবৰৰ ভুৰবন্ধাত পাই এই বিষয়ে গ্ৰাহকজনক অৱগত কৰে। সেই মৰ্মে গ্ৰহক উপাধ্যায়ে

উলুৱনী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত উলুৱনি আৰক্ষীয়ে ৫৯/২০২০ নম্বৰত এটা গোচৰ ৰুজু কৰি ভূৰবন্ধাৰ জমিৰ ৰহমানৰ পৰা উদ্ধাৰ কৰে ফোনটো। পৰবৰ্তী সময়ত আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে ঘটনাৰ ৰহস্য। উপাধ্যায়ে অৰ্ডাৰ কৰা ম'বাইল ফোনটো ডেলিভাৰী বয়ে বিক্ৰী কৰে উক্ত দোকানখনক। দোকানৰ গৰাকীয়ে চুৰি মবাইলটো বৈধ কৰি বিক্ৰী কৰে ভূৰবন্ধাৰ জমিৰ ৰহমানক।

চুৰি মবাইল বৈধৰূপে বিক্ৰী কৰা দোকানখনৰ গৰাকী জেহিৰুল তালুকদাৰক আটক কৰে উলুৱনী আৰক্ষীয়ে। আনহাতে, আৰক্ষীয়ে ডেলিভাৰী বয়ৰ সন্ধানত অব্যাহত ৰাখিছে অনুসন্ধান।

আৰু পঢ়িব পাৰেঃ ক'ৰ'নাঃ অসমত নৈশ কাৰ্ফিউ অব্যাহত থকাৰ সম্ভাৱনা

Next Story
চাকৰি