ক'ৱিড বিধি উলংঘাঃ এদিনতে ধুবুৰী আৰক্ষীৰ ৮৫হেজাৰ জৰিমনা সংগ্ৰহ

ধুবুৰী আৰক্ষীয়ে সকলো দায়িত্বশীলতাৰে আচৰণ কৰিবলৈ আহ্বান জনাইছে।
ক'ৱিড বিধি উলংঘাঃ এদিনতে ধুবুৰী আৰক্ষীৰ ৮৫হেজাৰ জৰিমনা সংগ্ৰহ
Published on

ক'ৱিড-১৯প্ৰতিৰোধৰ বিধি উলংঘাকাৰীৰ পৰা ধুবুৰী আৰক্ষীয়ে একেদিনাই জৰিমনাৰূপে সংগ্ৰহ কৰিলে ৮৫হেজাৰ টকা ৷ ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ধুবুৰী আৰক্ষীয়ে সোমবাৰৰ পৰা ব্যাপক পৰিসৰত জনসচেতনতা কাৰ্যসূচী গ্ৰহণ কৰিছে।

এই কাৰ্যসূচীৰ অংশস্বৰূপে আৰক্ষীয়ে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাকে ধৰি ক'ৱিড নিয়ন্ত্ৰণ বিধি মানি নচলা লোকৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে ক'ৱিড নিয়ন্ত্ৰণ বিধি মানি নচলা লোকৰ পৰা জৰিমনাৰূপে ৮৫হেজাৰ টকা সংগ্ৰহ কৰে ৷ কিন্তু এনেদৰে জৰিমনা সংগ্ৰহ কৰি গৰ্বিত নহয় বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

এটা টুইটত এই কথা সদৰী কৰি ধুবুৰী আৰক্ষীয়ে সকলো দায়িত্বশীলতাৰে আচৰণ কৰিবলৈ আহ্বান জনাইছে। অৰ্থাৎ সকলোকে ক'ৱিড নিয়ন্ত্ৰণ বিধি মানি চলিবলৈ আৰক্ষীয়ে অনুৰোধ জনাইছে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com