Begin typing your search above and press return to search.

সুৰামত্ত মহিলাই নাটকীয় কাণ্ডৰ সৃষ্টিৰ কৰিলে গড়চুক আৰক্ষী থানাত

আৰক্ষীৰ দ্বাৰা সোধপোচ কৰি থকা অৱস্থাত মহিলা গৰাকীক অনাহতক চিঞৰ - বাখৰ কৰে। তেতিয়া তেওঁৰ হাতত এটা সুৰাৰ বটল আছিল।

সুৰামত্ত মহিলাই নাটকীয় কাণ্ডৰ সৃষ্টিৰ কৰিলে গড়চুক আৰক্ষী থানাত

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  16 Nov 2021 10:37 AM GMT

যোৱা নিশা সুৰাত মাতাল এগৰাকী মহিলাই নাটকীয় কাণ্ডৰ সৃষ্টি কৰে গুৱাহাটীৰ গড়চুক আৰক্ষী থানাত।

ইণ্টাৰনেটযোগে ভাইৰেল হোৱা এটি ভিডিঅ' ত দেখিবলৈ পোৱা গৈছে এগৰাকী সুৰামত্ত মহিলাক। এই ভিডিঅ' দেখিবলৈ পোৱা গৈছে আৰক্ষী চকীত, আৰক্ষীৰ দ্বাৰা সোধপুচ কৰি থকা অৱস্থাত মহিলা গৰাকীক অনাহতক চিঞৰ - বাখৰ কৰি থকা আৰু লগতে সুস্পষ্ট ভাৱে তেওঁৰ হাতত প্ৰত্যক্ষ কৰা হৈছে সুৰাৰ এটি বটল।

উল্লেখযোগ্য যে এগৰাকী উবেৰ চালকে আৰক্ষী চকীলৈ লৈ যায় মহিলা গৰাকীক। চালক গৰাকীয়ে কয় যে, মহিলা গৰাকীক এখন ৰেস্তোৰাঁৰ পৰা এজন ল'ৰায়ে তেওঁৰ গাড়ীত পঠাই।

উবেৰ চালক গৰাকীয়ে নিজৰ ভাষ্যত ব্যক্ত কৰে , "মই যেতিয়া তেওঁক লগ পাও, তেওঁ সুৰামত্ত অৱস্থাত আছিল। মই তেওঁক নিজৰ গাড়ীত উথাবলৈ অমান্তি প্ৰকাশ কৰিছিলোঁ, কিয়নো এইয়া মোৰ কোম্পানীৰ নিয়মাৱলীৰ বিৰুদ্ধে আছিল। কিন্তু ল'ৰাজনে মোৰ গাড়ীখন বুক কৰে আৰু মোক মহিলা গৰাকীক মোৰ গাড়ীত লৈ আহিবলৈ জোৰ কৰে"।

এনে এক ঘটনা কিছু দিন পূৰ্বে সংঘটিত হয় মহানগৰীৰ অন্য এক স্থানত যোৱা ১অক্টোবৰ তাৰিখে নিশাৰ ভাগত। সুৰাত মাতাল এগৰাকী মডেল ৰাজকন্যাই নিজৰ বিলাসী গাড়ীৰে মহটিয়াই নিছিল কেইবাগৰাকী শ্ৰমিকক।

প্ৰাপ্ত তথ্য অনুসৰি অনুসৰি মডেল গৰাকীৰ জামিনৰ শুনানীৰ দিন স্থিৰ হৈছে।

কেইবা গৰাকী শ্ৰমিকক আঘাতপ্ৰাপ্ত কৰাৰ দৰে হিংসাত্মক কাণ্ডৰ অভিযুক্ত হিচাপে ৰাজকন্যাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰা হৈছে। এই কাণ্ডৰ ৫দিন পাছত অৰ্থাৎ ৭অক্টোবৰ তাৰিখে আৰক্ষীয়ে কৰায়ত্ত কৰিছিল মডেল গৰাকীক। এগৰাকী ব্যক্তিয়ে প্ৰাণ হেৰুৱায় এই হিংসাত্মক ঘটনাৰ কিছু সময়ৰ পাছতেই আৰক্ষীয়ে ৰাজকন্যাক জামিণ প্ৰদান কৰাৰ পাছতেই সৃষ্টি হোৱা এক বিতৰ্কৰ পাছতেই এই পদক্ষেপ গ্ৰহণ কৰে অসম আৰক্ষীয়ে।


আৰু পঢ়ক : ৱেবছাইটত উপলব্ধ নে'টৰ প্ৰবেশ পত্ৰ : পৰীক্ষাৰ তাৰিখ-ডাউনলোড প্ৰক্ৰিয়া

Next Story
চাকৰি