Begin typing your search above and press return to search.

বাঘজানৰ অগ্নিকাণ্ডঃ মৃত দুৰ্লভ গগৈ অসম ফুটবল দলৰ প্ৰাক্তন গ'লকীপাৰ আছিল

ত গগৈ ১৯৬-৯৭ত অসম কনিষ্ঠ ফুটবল দলৰ গ’লকীপাৰ আছিল ৷

বাঘজানৰ অগ্নিকাণ্ডঃ মৃত দুৰ্লভ গগৈ অসম ফুটবল দলৰ প্ৰাক্তন গলকীপাৰ আছিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Jun 2020 9:31 AM GMT

বাঘজানৰ অগ্নিকাণ্ডঃ মৃত দুৰ্লভ গগৈ অসম ফুটবল দলৰ প্ৰাক্তন গ'লকীপাৰ আছিল

অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল খাদত অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতে প্ৰাণৰক্ষা কৰিবলৈ চেষ্টা কৰোতে কাষৰে এখন বিলত ডুবি এজন সহকৰ্মীসহ মৃত্যুক সাবটি লোৱা দুৰ্লভ গগৈ একালত অসম কনিষ্ঠ ফুটবল দলৰ প্ৰাক্তন গ'লকীপাৰ আছিল। দুৰ্ভগীয়াদ্বয় অইল ইণ্ডিয়া লিমিটেডৰ কৰ্মচাৰী আছিল৷ মৃত গগৈ ১৯৬-৯৭ত অসম কনিষ্ঠ ফুটবল দলৰ গ'লকীপাৰ আছিল ৷ একালৰ কৃতী ফুটবলাৰগৰাকীয়ে পৰৱৰ্তী সময়ত বিভিন্ন টুৰ্ণামেণ্টত অইল ইণ্ডিয়া লিমিটেডকো প্ৰতিনিধিত্ব কৰিছিল ৷ ইতিমধ্যে অইল ইণ্ডিয়া লিমিডেটে ঘটনাটোত দুজন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি নিশ্চয়তা প্ৰদান কৰিছে ৷ অইল ইণ্ডিয়া লিমিটেডৰ মুখপাত্ৰ ত্ৰিদীৱ হাজৰিকাই কয় যে তৈল ক্ষেত্ৰখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছত দুজন ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লয় ৷ তেওঁ লগতে কয় যে পানীত ডুব যোৱাৰ ফলত দুয়ো মৃত্যুমুখত পৰা বুলি ঠাৱৰ কৰা হৈছে ৷ অৱশ্যে গেছে চৌদিশ আৱৰি ধৰাৰ ফলত দুয়ো উশাহ-নিশাহ ল'ব নোৱৰা হ'ব পাৰে বুলি অইলৰ মুখপাত্ৰজনে ইংগিত দিয়ে ৷ এই অগ্নিকাণ্ডৰ সময়ত প্ৰাণ হেৰুওৱা আনজন দুৰ্ভগীয়াৰ নাম তিষেশ্বৰ গোহাঁই।

আনহাতে, অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈল ক্ষেত্ৰৰ ভয়াবহ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ ৰাজ্যৰ সৰ্বত্ৰে আলোড়ন সৃষ্টি কৰা এই অগ্নিকাণ্ডৰ বিষয়টোক লৈ বুধবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী ৷ দুয়োৰে আলোচনাৰ সময়ত মোদীয়ে এই অগ্নিকাণ্ডৰ ভুক্তভোগী সকলোকে সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে ৷ শীৰ্ষ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি মুখ্যমন্ত্ৰী সোণোৱালে বিষয়টো প্ৰধানমন্ত্ৰীক অৱগত কৰে ৷ তাৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ আগত এই প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

আৰু পঢ়িব পাৰেঃ বাঘজানৰ অগ্নিকাণ্ডৰ ভুক্তভোগীক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধানমন্ত্ৰী মোদীৰ

Next Story
চাকৰি