জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন

গোটটোক সুন্দৰ আদৰণি জনায় জিলা প্ৰশাসনে
জি-২০ৰ প্ৰতিনিধিৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন
Published on: 

গুৱাহাটীঃ জি-২০ৰ প্ৰতিনিধিয়ে যোৱা ১ ফেব্ৰুৱাৰী, বুধবাৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰে। গোটটোক সুন্দৰ আদৰণি জনায় জিলা প্ৰশাসনে। চৰকাৰী মুখপাত্ৰই জনোৱা মতে, কেএনপিৰ বাগৰি আৰু কোহোৰা ৰেঞ্জত প্ৰতিনিধিসকলে জীপ ছাফাৰী উপভোগ কৰে। জি-২০ প্ৰতিনিধিৰ প্ৰথম শাখাই কোহোৰাত অৱস্থিত কাজিৰঙা কনভেনচন চেণ্টাৰতো পৰিদৰ্শন কৰে।

অঞ্চলটোৰ সৌন্দৰ্য্যৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষা আৰু সংৰক্ষণৰ বাবে সংশ্লিষ্ট বিভাগে গ্ৰহণ কৰা পদক্ষেপসমূহে গোটটোক মন্ত্ৰমুগ্ধ কৰি তুলিছিল বুলিও মুখপাত্ৰগৰাকীয়ে লগতে কয়।