উৎপল বৰাৰ জামিন নাকচ

উৎপল বৰাৰ জামিন নাকচ

ধূলা থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক উৎপল বৰাক অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ বাবে কৰা আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিছে

গুৱাহাটীঃ অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰত ধূলা আৰক্ষী থানাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত বিষয়া উপ পৰিদৰ্শক উৎপল বৰাক অন্তৱৰ্তীকালীন সকাহ প্ৰদানৰ আবেদন নাকচ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। যোৱা বছৰ দৰং জিলাৰ ধূলাত এগৰাকী বনকৰা ছোৱালীৰ চাঞ্চল্যকৰ ধৰ্ষণ তথা হত্যাৰ গোচৰৰ তদন্তত গাফিলতি কৰাৰ বাবেও বৰা অভিযুক্ত। শেহতীয়াকৈ অপৰাধ তদন্ত বিভাগে তেওঁৰ বিৰুদ্ধে অসমতাপূৰ্ণ সম্পত্তিৰ গোচৰ ৰুজু কৰাৰ লগে লগে তেওঁৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। এই গোচৰত তেওঁৰ পত্নীৰ নামো অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে। বৰা আই পি চিৰ ১২০বি/১০৯ নং ধাৰা অনুসৰি গ্ৰেপ্তাৰ হৈছে।

চি আই ডিৰ তদন্তৰ সময়ত উৎপল বৰাই যোৱা কেইবছৰমানৰ ভিতৰত আৰু ০১.০৪.২০২০- ৩১.১০.২০২২ৰ সময়ছোৱাত বহু সম্পত্তি ক্ৰয় কৰা বুলি জানিব পৰা গৈছে, আৰু সম্পত্তিৰ মূল্য তেওঁৰ জ্ঞাত আয়ৰ উৎসৰ বাহিৰত, তেওঁৰ জিম্মাত ধৰা পৰিছে ১২৬ লাখ টকা, যিটো তেওঁৰ আয়ৰ উৎসতকৈ ৯৪৮% বেছি। লগতে দেখা গ'ল যে লাখ লাখ টকাৰ লেনদেন আছিল যিবোৰ তেওঁৰ বেংক একাউণ্টত জমা হৈছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com